পশ্চিম মায়ঙত বনৰীয়া ম’হৰ ত্ৰাস, খেদি খেদি আক্ৰমণ এজনক

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 8:38 PM IST

thumbnail

গুৱাহাটী, ১৭ ডিচেম্বৰ: চন্দ্ৰপুৰৰ পশ্চিম মায়ঙত অব্যহত আছে বনৰীয়া ম’হৰ ত্ৰাস । পশ্চিম মায়ঙৰ গৰুবন্ধাত দেওবাৰে বনৰীয়া ম'হৰ আক্ৰমণত এজন ব্যক্তি আহত হয় বুলি জানিব পৰা গৈছে ৷ আহত লোকজন ৰত্নেশ্বৰ ডেকা বুলি চিনাক্ত কৰা হৈছে ৷ 

পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে আহত ৰত্নেশ্বৰ ডেকাক সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে । ইফালে এই ঘটনাৰ পিচতো পবিতৰা অভয়াৰণ্যৰ বাঞ্চলিক বিষয়া ঘটনাস্থলীত উপস্থিত নোহোৱাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

মন কৰিবলগীয়া কথা যে, যোৱা দুদিন  পূৰ্বেও পশ্চিম মায়ঙত বনৰীয়া ম’হৰ আক্ৰমণত এজন স্কুলীয়া ছাত্ৰ নিহত হোৱাৰ লগতে আন এগৰাকী স্কুলীয়া ছাত্ৰীসহ তিনিগৰাকী ব্যক্তি আহত হৈছিল । ইয়াৰ পিচতো গা লৰা নাই বন বিভাগৰ ৷ 

বিগত প্ৰায় এমাহ দিন ধৰি অঞ্চলটোত পবিতৰা অভয়াৰণ্যৰ পৰা ওলাই অহা বনৰীয়া ম’হে ত্ৰাস চলাই আছে ৷ স্থানীয় ৰাইজে বাৰম্বাৰে বন বিভাগক এই সন্দৰ্ভত জনোৱাৰ পিচতো কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে  (wild buffalo attack) ৷

লগতে পঢ়ক: অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে কঠোৰ হৈছে তামুলপুৰৰ বন বিভাগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.