অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে কঠোৰ হৈছে তামুলপুৰৰ বন বিভাগ

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 8:33 AM IST

thumbnail

বাক্সা, ১৬ ডিচেম্বৰ : ৰাজ্যত অব্যাহত আছে বন মাফিয়াৰ দপদপনি ৷ ইফালে কাঠফুলাৰ দৰে গঢ়লৈ উঠিছে অবৈধ কাঠফলা মিলসমূহ ৷ শুকুৰবাৰে অবৈধ কাঠৰ মিলৰ বিৰুদ্ধে তামুলপুৰৰ বিভিন্ন স্থানত বন বিভাগ, এছ এছ বি আৰু আৰক্ষীয়ে যৌথ অভিযান চলায় ৷ দুটাকৈ অবৈধ কাঠফলা মেছিনসহ বহু মূল্যবান গছৰ কুন্দা জব্দ কৰে অভিযানকাৰী দলে ৷

উল্লেখ্য যে, কুমাৰীকাটা বন বিভাগৰ নেতৃত্বত প্ৰথমটো যৌথ অভিযান চলিছিল তামুলপুৰৰ অহিয়াবাৰীত ৷ বন বিভাগ, এছ এছ বি আৰু আৰক্ষীৰ যৌথ অভিযানত অহিয়াবাৰীত এটা অবৈধ কাঠৰ মিল জব্দ কৰাৰ লগতে বহু মূল্যবান গছৰ কুন্দাও জব্দ কৰে ৷ আনহাতে দ্বিতীয়টো অভিযান চলাইছিল তামুলপুৰৰ গুৱালবিলত ৷ তামুলপুৰ আৰক্ষী আৰু বন বিভাগে চলোৱা দ্বিতীয়টো অভিযানত এটা অবৈধ কাঠফলা মেচিন জব্দ কৰাৰ লগতে বৃহৎ পৰিমাণৰ গছৰ কুন্দা জব্দ কৰে ৷

ইফালে, জব্দকৃত মেচিন আৰু গছৰ কুন্দাসমূহৰ আনুমানিক মূল্য ৬ লক্ষাধিক টকা হ’ব বুলি বন বিভাগৰ বিষয়াই জানিবলৈ দিছে ৷ অবৈধ কাঠৰ মিলৰ লগত জড়িত কোনো লোককে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই বুলিও সদৰী কৰে বন বিষয়াই ৷

লগতে পঢ়ক : বিহপান কৰি আত্মহননৰ চৰম সিদ্ধান্ত তিনি কিশোৰীৰ; এগৰাকীৰ মৃত্যু, দুগৰাকীৰ মৃত্যুৰে যুঁজ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.