ETV Bharat / state

বিহপান কৰি আত্মহননৰ চৰম সিদ্ধান্ত তিনি কিশোৰীৰ; এগৰাকীৰ মৃত্যু, দুগৰাকীৰ মৃত্যুৰে যুঁজ

author img

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 10:20 PM IST

এটা চাঞ্চল্যকৰ ঘটনাই জোকাৰি গৈছে বাক্সা জিলাক ৷ বিহপান কৰি আত্মহননৰ চেষ্টা তিনি কিশোৰী ছাত্ৰীৰ ৷ এগৰাকীৰ মৃত্যু ৷ চিকিৎসালয়ৰ বিচনাত মৃত্যুৰে যুঁজ দুগৰাকীৰ ৷

suicide Incident at kalpani
suicide Incident at kalpani

বিহপান কৰি আত্মহননৰ চৰম সিদ্ধান্ত তিনি কিশোৰীৰ

গুৱাহাটী, ১৪ ডিচেম্বৰ: বাক্সা জিলাৰ শালবাৰীত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা । শালবাৰীৰ কালপানীত সপ্তম শ্ৰেণীৰ তিনি ছাত্ৰীয়ে গ্ৰহণ কৰে আত্মহননৰ ভয়ংকৰ সিদ্ধান্ত । এগৰাকী ছাত্ৰীৰ মৃত্যু ঘটাৰ লগতে আন দুগৰাকী ছাত্ৰীয়ে মৃত্যুৰে যুঁজি আছে গুৱাহাটীৰ চিকিৎসালয়ত ।

যোৱা শনিবাৰে আবেলি শালবাৰীৰ কালপানীৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী তিনি বান্ধৱীয়ে টিউচনলৈ আহি একেলগে সেৱন কৰে এবিধ বিষাক্ত কীটনাশক ৷ ইয়াৰ পিছতে নিজ নিজ ঘৰলৈ উভতি যোৱা ছাত্ৰী তিনিগৰাকী অসুস্থ হৈ পৰে । প্ৰথম অৱস্থাত ঘৰৰ মানুহে খাদ্যৰ সাধাৰণ বিষক্ৰিয়া বুলি ভাৱিছিল যদিও চিকিৎসালয়লৈ নিয়াৰ পিছতহে পোহৰলৈ আহে তিনিও ছাত্ৰীৰ আত্মহননৰ ভয়ংকৰ চেষ্টাৰ কথা ৷

পিছত তিনিওকে আন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও বুধবাৰে কোচবিহাৰৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু মুখত পৰে খাগ্ৰাবাৰীৰ এগৰাকী ছাত্ৰী ৷ আন দুগৰাকী ছাত্ৰী সংকটজনক অৱস্থাত গুৱাহাটীত চিকিৎসাধীন হৈ আছে ।

ছাত্ৰী তিনিগৰাকীয়ে অধ্যয়ন কৰা প্ৰগতি জাতীয় বিদ্যালয়ৰ শিক্ষকৰ মানসিক হাৰাশাস্তিৰ বাবে এনে চৰম সিদ্ধান্ত লোৱা বুলি একাংশই অভিযোগ তোলে যদিও সমগ্ৰ ঘটনা এতিয়াও ৰহস্যৰ আৱৰ্তত আছে । প্ৰগতি জাতীয় বিদ্যালয়ৰ শিক্ষকে মানসিক হাৰাশাস্তি প্ৰদান কৰাৰ অভিযোগ নস্যাৎ কৰি সমগ্ৰ ঘটনাৰ উপযুক্ত তদন্তৰ দাবী তোলে ।

আনহাতে, বিষাক্ত কীটনাশক বিক্ৰী কৰা ব্যৱসায়ীগৰাকীকো জগৰীয়া কৰে অভিভাৱকে । কণমানি ছাত্ৰীক কীটনাশক বিক্ৰী কৰাৰ কথা স্বীকাৰ কৰে বীজ ভাণ্ডাৰ ব্যৱসায়ীয়ে । ঘৰলৈ দাঠা গুটিৰ সৈতে কীটনাশক কিনি লৈ গৈছিল তিনি ছাত্ৰীয়ে ।

বুধবাৰে কোচবিহাৰৰ পৰা মৃত ছাত্ৰীগৰাকীৰ মৃতদেহ নিজ বাসগৃহ আহি পোৱাৰ পিচত বৃহস্পতিবাৰে তদন্তৰ বাবে বাঁশবাৰী আৰক্ষীৰ লোক উপস্থিত হোৱাৰ লগতে বাক্সা জিলাৰ আৰক্ষী অধীক্ষক উজ্বল প্ৰতিম বৰুৱাই ঘটনাৰ বুজ লয় । তিনি ছাত্ৰীৰ এনে ভয়ংকৰ সিদ্ধান্তৰ আঁৰৰ ৰহস্য কি সেয়া এতিয়াও স্পষ্ট হোৱা নাই । আৰক্ষীৰ তদন্তলৈ অপেক্ষা কৰিছে স্থানীয় ৰাইজে ।

(আত্মহনন কোনো সমস্যাৰ সমাধান হ’ব নোৱাৰে ৷ এই বাতৰিৰ দ্বাৰা কাকো প্ৰৰোচিত কৰাৰ উদ্দেশ্য আমাৰ নাই ৷ এনেধৰণৰ সিদ্ধান্ত গ্ৰহণৰ পৰা সকলো বিৰত থকা উচিত ৷)

লগতে পঢ়ক: পৰকীয়া প্ৰেমৰ পৰিণতি: প্ৰেমিকক নাপাই বিহপান কৰি আত্মহত্যা মহিলাৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.