ETV Bharat / state

পৰকীয়া প্ৰেমৰ পৰিণতি: প্ৰেমিকক নাপাই বিহপান কৰি আত্মহত্যা মহিলাৰ !

author img

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 7:52 PM IST

Updated : Dec 14, 2023, 8:39 PM IST

মহানগৰীৰ পানীখাইটিত সংঘটিত হ’ল এক শোকাৱহ ঘটনা ৷ 22 বছৰীয়া মহিলাই বিহপান কৰি আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বিবাহ বৰ্হিভূত প্ৰেমৰ বাবেই সংঘটিত হ’ল এই ঘটনা ৷

Woman Dies by Suicide at Panikhaiti in Guwahati
পৰকীয় প্ৰেমৰ পৰিণতি

বিহপান কৰি আত্মহত্যা মহিলাৰ

গুৱাহাটী, 14 ডিচেম্বৰ : পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি ৷ গুৱাহাটী মহানগৰীৰ পানীখাইটিত সংঘটিত হ’ল এক শোকাৱহ ঘটনা ৷ পানীখাইটিৰ খেৰবাৰীত পৰকীয়া প্ৰেমৰ বাবে এগৰাকী 22 বছৰীয়া মহিলাই বিহপান কৰি আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

জানিব পৰা মতে, পানীখাইতি খেৰবাৰীৰ বাসিন্দা মহিলাগৰাকী চাৰি বছৰ পূৰ্বে মঙলদৈ কিৰাকাটাৰ জনৈক আলীৰ লগত বিবাহপাশত আবদ্ধ হৈছিল ৷ স্বামীয়ে অৰুণাচলত কাম কৰাৰ বাবে মহিলাগৰাকী খেৰবাৰিৰ মাতৃ গৃহত থাকিবলৈ লয় ৷ ইফালে স্বামী ঘৰত নথকাৰ সুযোগ লৈ মহিলাগৰাকীয়ে প্ৰতিবেশী ওমৰ আলী নামৰ এজন ব্যক্তিৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে ৷

এই কথাক লৈ দুয়োটা পৰিয়ালৰ মাজত বিবাদৰ সৃষ্টি হয় ৷ আনকি ওমৰ আলীৰ পত্নীয়ে এই বিষয়ে জানিব পাৰি মহিলাগৰাকীৰ লগত কাজিয়াত লিপ্ত হয় ৷ আনহাতে মহিলাগৰাকীৰ পৰিয়ালে ওমৰৰ লগত সম্পৰ্ক ছেদ কৰিবলৈ ভাবুকি প্ৰদান কৰে ৷ ইয়াৰ পিছতেই মহিলাগৰাকীয়ে ধান খেতিত প্ৰয়োগ কৰা বিষাক্ত দ্ৰব্য সেৱন কৰি আত্মহত্যাৰ চেষ্টা চলায় ৷

লগে লগে পৰিয়ালৰ লোকে মহিলাগৰাকীক GMCH ত ভৰ্তি কৰায় ৷ তিনিদিন পূৰ্বে মহিলাগৰাকীক পৰিয়ালৰ লোকে চিকিৎসালয়ৰ পৰা ঘৰলৈ লৈ আহে যদিও বুধবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে ৷ ইফালে এই ঘটনা গাপ দিয়াৰ বাবে স্থানীয় একাংশ লোকে চেষ্টা কৰে যদিও একাংশ সচেতন লোকে আৰক্ষীক অৱগত কৰে ৷

পিছত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে ৷ ইফালে এই ঘটনা একাংশ লোকে গাপ দিয়াৰ বাবে মৃতদেহ কবৰস্থ কৰাৰ প্ৰস্তুতি চলায় যদিও সেই সময়তে পানীখাইতি আৰক্ষী উপস্থিত হৈ কবৰস্থ কৰাত বাধা প্ৰদান কৰে ৷

লগতে পঢ়ক : জানুৱাৰীৰ পৰা গ্ৰাহকক চাউল বিতৰণ বন্ধ কৰিব সুলভ মূল্যৰ ব্যৱসায়ীয়ে

Last Updated : Dec 14, 2023, 8:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.