Durga Puja 2023:শৰৎ অহাৰ লগে লগে ধৰালৈ নামিছে দেৱী দুৰ্গা

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 12:34 PM IST

thumbnail

আমগুৰি, ১০ অক্টোবৰ : শৰতে দিছে দেৱী দুৰ্গাৰ আগমনৰ বতৰা ৷ শৰৎ অহাৰ লগে লগে ধৰালৈ নামি আহিছে দেৱী দুৰ্গা । দুষ্টক দমন আৰু শান্তক পালন কৰিবলৈ তথা আধ্যাত্মিক বাণী বিলাবলৈ দেৱী দুৰ্গা নামি আহিছে মৰ্ত্যলৈ । দুৰ্গা পূজাৰ দিন চমু চাপি অহাৰ লগে লগে ব্যস্ত হৈ উঠিছে প্ৰতিমাৰ খনিকৰসকল ।

এইয়া আমি আপোনালোকক দেখুৱাইছো আমগুৰিৰ দৃশ্য ৷ আমগুৰিৰ ৭০ বছৰ অতিক্ৰম কৰা একমাত্ৰ নটৰাজ শিল্পালয়ৰ খনিকৰসকল পূৰাদমে ব্যস্ত হৈ পৰিছে দেৱী দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ কৰাত । এইবাৰ ১৮ ভাগ দেৱী দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰা খনিকৰসকলে পূৰ্বৰ দৰে প্ৰতিমাৰ অৰ্ডাৰ হোৱা নাই বুলি প্ৰকাশ কৰে । অত্যধিক দাম বৃদ্ধিৰ বাবে দেৱীৰ প্ৰতিমা অৰ্ডাৰ হোৱা নাই বুলি প্ৰকাশ কৰি পূৰ্বৰ বছৰ বিলাকত ৩০/৩৫ ভাগ দেৱীদূৰ্গাৰ প্ৰতিমা অৰ্ডাৰ হৈছিল বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক : Durga Puja 2023: দুৰ্গোৎসৱ দুৱাৰ দলিত; শিল্পীৰ তুলিকাত প্ৰাণ পাইছে মহিষ মৰ্দিনীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.