Durga Puja 2023: দুৰ্গোৎসৱ দুৱাৰ দলিত; শিল্পীৰ তুলিকাত প্ৰাণ পাইছে মহিষ মৰ্দিনীয়ে

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 7:48 PM IST

thumbnail

গুৱাহাটী, ৯ অক্টোবৰ : শাৰদীয় দুৰ্গা পূজালৈ মাজত মাথোঁ কেইটামান দিন বাকী । সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো দুৰ্গা পূজাৰ প্ৰস্তুতি তুংগত উঠিছে । পূজাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে । দেৱীৰ প্ৰতিমা, পূজা মণ্ডপ, আলোক সজ্জাৰে ভক্তক আকৰ্ষণ কৰিবলৈ প্ৰতিযোগিতাত নামি পৰিছে পূজা কমিটিসমূহ ।

এইবাৰো ব্যতিক্ৰম নহয় মহানগৰীৰ আঠগাঁও সাৰ্বজনীন দুৰ্গা পূজা সমিতি । আদিবাসীৰ আৰ্হিৰ পূজা মণ্ডপেৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিব পূজা কমিটিয়ে । প্ৰায় 28 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰি আছে পূজা মণ্ডপ ৷ এইবাৰো পূজা মণ্ডপত আদিবাসীৰ বেশভূশাত জীৱন্ত মূৰ্তি থাকিব বুলি জানিবলৈ দিছে পূজা আয়োজক কমিটিয়ে ৷

ইফালে বিগত তিনিমাহ ধৰি মণ্ডপৰ কাম চলি আছে । কলকাতাৰ পৰা অহা শিল্পীয়ে মণ্ডপৰ কাম কৰি আছে । প্ৰায় 80 শতাংশ মণ্ডপৰ কাম সম্পূৰ্ণ হোৱা বুলি জানিবলৈ দিছে পূজা কমিটিয়ে । প্ৰায় এমাহ ধৰি 30 জন শিল্পীয়ে দিনে নিশাই কাম কৰি আছে । আনহাতে প্ৰশাসনে বান্ধি দিয়া নীতি-নিৰ্দেশনা মানি পূজাৰ আয়োজন কৰা হৈছে বুলি আয়োজনকে জনিবলৈ দিছে ।

লগতে পঢ়ক: Amrit Kalash yatra controversy: ভূপেন বৰাৰ আলঝাইমাৰ হৈছে, তেওঁ ভালদৰে চিকিৎসা কৰাওক; দিগন্ত কলিতা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.