Poor health center condition: খোদ স্বাস্থ্যমন্ত্ৰীৰ সমষ্টিতেই ভূত বাংলালৈ পৰিণত হৈছে উপ-স্বাস্থ্য কেন্দ্ৰ

By

Published : Jun 3, 2023, 3:36 PM IST

thumbnail

কলিয়াবৰ, 3 জুন: ৰাজ্য চৰকাৰে স্বাস্থ্যখণ্ডৰ উন্নয়নৰ ঢাঁক-ঢোল বজাই থকাৰ সময়তে কলিয়াবৰৰ এটা উপ-স্বাস্থ্য কেন্দ্ৰৰ জৰাজীৰ্ণ অৱস্থা (Poor health center condition)। এয়া কলিয়াবৰৰ বৰভগীয়া স্বাস্থ্য কল্যাণ কেন্দ্ৰৰ পৰিৱেশ। এটা কোঠাতে এজন চিকিৎসক, নাৰ্ছে আগবঢ়াব লগা হৈছে চিকিৎসা সেৱা । খোদ স্বাস্থ্যমন্ত্ৰীৰ গৃহ সমষ্টিৰ উপ-স্বাস্থ্য কেন্দ্ৰৰ এনে পুতৌলগা অৱস্থাই আপোনাৰো চকু কঁপালত তুলিব ৷  

স্বাস্থ্য কেন্দ্ৰটোত নাই কোনো বিদ্যুৎ সংযোগ, নাই এটুপি বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থাও। উপ-স্বাস্থ্য কেন্দ্ৰটোৰ চৌহদটো জংঘলৰে আৱৰি ধৰিছে (Worst health center condition at Kaliabor)। উপ স্বাস্থ্য-কেন্দ্ৰটোৰ কেইবাটাও কোঠা জহি-খহি গৈছে ।  

বিভাগীয় কৰ্তৃপক্ষক উপ-স্বাস্থ্য কেন্দ্ৰটোৰ দুৰৱস্থাৰ কথা অৱগত কৰিছে যদিও এই পৰ্যন্তলৈকে কোনো ধৰণৰ ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই বুলি জানিবলৈ দিয়ে চিকিৎসালয়ৰ কৰ্তৃপক্ষই । ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত এগৰাকী চিকিৎসক আৰু নাৰ্ছে যাৱতীয় কৰণীয়খিনি ঠিকেই কৰি গৈছে যদিও উপ-স্বাস্থ্য কেন্দ্ৰটোৰ দুৰৱস্থাৰ বাবে বহু ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে বুলি জানিব পৰা গৈছে । 

লগতে পঢ়ক: Kalgachia accident news: কলগাছিয়াৰ শওঁপুৰত তীব্ৰবেগী ডাম্পাৰে পিছফালৰ পৰা খুন্দা মাৰিলে ট্ৰেক্টৰত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.