বিলাসী বাহনত ছটাকৈ ছাগলী, চোৰক খেদি খেদি ধৰিলে আৰক্ষীয়ে

By

Published : Aug 17, 2022, 5:25 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

বিলাসী গাড়ীৰ ভিতৰত ছটাকৈ ছাগলী ৷ ছাগলী বান্ধি নিয়া এৰালেৰেই চোৰক কৰিলে বন্দী ৷ শিৱসাগৰৰ গৌৰীসাগৰবাসীৰ শোৱন-খাৱন নাইকিয়া কৰি আহিছে ছাগলী চোৰে (Goat thief in Sivasagar)৷ গৃহস্থৰ গড়ালৰ পৰা উলিয়াই দিয়াৰ পাছতে নিৰুদ্দেশ হয় ছাগলী ৷ অৱশেষত ধৰা পৰিল এটা গভাইত ছাগলী চোৰ ৷ বিলাসী চেভৰলেট বাহনৰ ভিতৰত আৰক্ষীয়ে উদ্ধাৰ কৰিলে চুৰি কৰা ৬ টাকৈ ছাগলী ৷ চাৰিঙত গৌৰীসাগৰ আৰক্ষীয়ে খেদি খেদি কৰায়ত্ব কৰিলে ছাগলী চোৰ মহম্মদ জমিৰুদ্দিন আহমেদক (Police arrested goats with luxury vehicle and thief) ৷ পিছে জমিৰুদ্দিনৰ সহযোগী ব্যৱসায়ীসকল পলাই সাৰিবলৈ সক্ষম হয় ৷ গৌৰীসাগৰ আৰক্ষীয়ে ছাগলীসহ জব্দ কৰা বাহনখনৰ নম্বৰ AS 05 B 6886 ৷

Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.