নলবাৰীত দুৰ্ঘটনাগ্ৰস্ত বনভোজকাৰীৰ বাছ, চাৰি শিক্ষাৰ্থী আহত

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 8:42 PM IST

thumbnail

নলবাৰী, ১৩ জানুৱাৰী : নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হৰিপুৰত বনভোজৰ বাছ দুৰ্ঘটনাগ্ৰস্ত ৷ বাক্সাৰ দ্বাৰাগাঁৱৰ পৰা গুৱাহাটী অভিমুখে বনভোজ খাই ওভতাৰ পিচতেই নিয়ন্ত্ৰণ হেৰুৱাই হৰিপুৰত দুৰ্ঘটনাগ্ৰস্ত হয় বাছখন ৷

গুৱাহাটীৰ নাৰেংগীৰ পৰা বাক্সাৰ দ্বাৰাগাঁৱলৈ গৈছিল বনভোজকাৰীৰ দলটো । দুৰ্ঘটনাটোৰ ফলত বাছখনত থকা ৪ গৰাকী যাত্ৰী আহত হয় । ইতিমধ্যে নলবাৰীৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আহতসকলক ।

দুৰ্ঘটনাত পতিত হোৱা বাছখনৰ নংম্বৰ AS 01 KC 5614. উল্লেখ্য যে উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাৰ ৩৩ গৰাকী ছাত্ৰ-ছাত্ৰী আছিল বাছখনত । বৰ্তমান পৰ্যন্ত আহতসকলৰ নাম আৰু পৰিচয় জানিব পৰা হোৱা নাই ।

বনভোজকাৰীসকলে জানিবলৈ দিয়া মতে বাছখনৰ চালকৰ মৃগী ৰোগৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে বাছখন দুৰ্ঘটনাত পতিত হয় । বৰ্তমান নলবাৰী আৰক্ষীৰ যান-বাহন শাখাৰ লোক উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।

লগতে পঢ়ক: বনভোজ খাবলৈ গৈ অৰুণাচলত সন্ধানহীন জোনাইৰ অৱসৰপ্ৰাপ্ত শিক্ষক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.