বনভোজ খাবলৈ গৈ অৰুণাচলত সন্ধানহীন জোনাইৰ অৱসৰপ্ৰাপ্ত শিক্ষক

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 1:02 PM IST

thumbnail

জোনাই, 8 জানুৱাৰী : এতিয়া বনভোজৰ বতৰ ৷ পৰিয়াল বা আত্মীয় স্বজনৰ লগত মিলা-প্ৰীতিৰে এসাঁজ খোৱাৰ উদ্দেশ্যৰে বিভিন্ন স্থানত বনভোজকাৰী দলে ভিৰ কৰিছে ৷ কিন্তু ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনভোজ খাবলৈ গৈ বিভিন্ন ঘটনা সংঘটিত হৈছে ৷ ইফালে অৰুণাচল প্ৰদেশৰ নিকলক নদীত বনভোজ খাবলৈ গৈ জোনাইৰ এজন শিক্ষক নিখোজ হোৱা ঘটনা পোহৰলৈ আহিছে ৷

জানিব পৰা মতে, দেওবাৰে জোনাইৰ মিগৰ গাঁৱৰ এটা দলৰ সৈতে অৰুণাচল প্ৰদেশৰ নিকলক নদীত বনভোজ খাবলৈ গৈছিল গাঁওখনৰ অৱসৰপ্ৰাপ্ত শিক্ষক লকেচন দাৱে ৷ কিন্তু বনভোজস্থলীৰ পৰা হঠাৎ নিখোজ হৈ পৰে দাৱে ৷ লগে লগে বনভোজ খাবলৈ যোৱা দলটোৰ লগতে পৰিয়ালৰ লোকে নদীৰ বুকুৰ লগতে বিভিন্ন ঠাইত দাৱেৰ সন্ধনত নামি পৰে ৷ কিন্তু বৰ্তমানেও ব্যক্তিজনৰ কোনো অনুসন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ ইফালে কোনো সদাশয় ব্যক্তিয়ে ব্যক্তিজনৰ অনুসন্ধান পালে ওচৰৰ আৰক্ষী থানা অথবা 86387-43747 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে সন্ধানহীন দাৱেৰ পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক : ধেমাজিৰ জীয়াঢল বনাঞ্চলত দাবানল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.