Kharupetia Accident:খাৰুপেটীয়াৰ বালুগাঁৱত মাৰুতিৰ প্ৰচণ্ড খুন্দাত নিহত ব্যৱসায়ী

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 9:14 PM IST

thumbnail

দলগাঁও, ২৯ ছেপ্টেম্বৰ : খাৰুপেটীয়াৰ বালুগাঁৱত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । ৰৈ থকা বাইকত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো । ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হোৱা দুৰ্ঘটনাটোত থিতাতে নিহত হয় আহেদ আলী নামৰ এজন ব্যৱসায়ী ।

বিৱৰণী মতে খাৰুপেটীয়াৰ বালুগাঁৱত ১৫ নং ৰাষ্ট্রীয় ঘাইপথৰ কাষত লোকজন তেওঁৰ এ এচ ১৩ আৰ ৪৬৫৪ নম্বৰৰ বাইকখনৰ ওপৰত ৰৈ থকা অৱস্থাত খাৰুপেটীয়াৰ পৰা দলগাঁও অভিমুখে গৈ থকা এ এচ ১৫ এল ১০০২ নম্বৰৰ মাৰুতী এখনে প্ৰচণ্ড জোৰে খুন্দা মাৰে । যাৰ ফলত খন্তেক পিচতেই ঘটনাস্থলীতেই মৃত্যু হয় আহেদ আলীৰ ।

দুৰ্ঘটনাটোত দোকানী‌ আহেদ আলীৰ মৃত্যুক‌ কেন্দ্ৰ কৰি ক্ষুব্ধ ৰাইজে দুৰ্ঘটনা সংঘটিত কৰা মাৰুতিখনৰ ক্ষতি‌ সাধন কৰাৰ লগতে পথ অৱৰোধ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে । আধা ঘণ্টাৰো অধিক সময় ধৰি পথ অৱৰোধ কৰাৰ ফলত ব্যাহত হৈ পৰে যাতায়ত । ঘটনা‌স্থলীত আৰক্ষী-অৰ্ধ সামৰিক বাহিনীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে ।

লগতে পঢ়ক : Rangia road accident: ৰঙিয়াত পথ দুৰ্ঘটনাত নিহত CISF জোৱান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.