Rangia road accident: ৰঙিয়াত পথ দুৰ্ঘটনাত নিহত CISF জোৱান

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 11:29 AM IST

thumbnail

ৰঙিয়া, 28 ছেপ্টেম্বৰ : ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালাগাঁৱত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন CISF ৰ জোৱান । মৃত জোৱানজন ভৱনীপুৰৰ নিবাসী জিতু মণি নাথ বুলি চিনাক্ত কৰা হৈছে ।

ঘটনাৰ বিৱৰণী অনুসৰি, বুধবাৰে নিশা ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালাগাঁৱত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো । গুৱাহাটী অভিমুখে AS 15 P 8208 নম্বৰৰ এখন ৰয়েল এনফিল্ড বাইক চলাই গৈ থকা জোৱানজনে নিয়ন্ত্ৰণ হেৰুৱাই ৰৈ থকা টেংকাৰত পিছফালৰ পৰা প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে । AS 01 FC 3395 নম্বৰৰ অক্সিজেন পৰিবাহী টেংকাৰখনত খুন্দা মৰাৰ ফলত লগে লগে কৰুণ মৃত্যুক আকোঁৱালি লয় CISF ৰ জোৱানজনে ।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে গুৱাহাটী অভিমুখী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ হৈ পৰে । পিচত ঘটনাস্থলীত ৰঙিয়া আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে । লগতে তীব্ৰ যান-জঁটৰ সৃষ্টি হোৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো মুকলি কৰি দিয়ে । CISF ৰ জোৱানজনৰ মৃত্যুত সমগ্ৰ ৰঙিয়াতে শোকৰ ছাঁ পৰিছে ।

লগতে পঢ়ক : Tragic Road Mishap: ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.