Road accident in Kaliabor: কলিয়াবৰত তীব্ৰবেগী বাহনৰ খুন্দাত এজনৰ মৃত্যু

By

Published : Jan 14, 2023, 9:37 AM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

ৰাজ্যজুৰি উৰুকাৰ উখল মাখল পৰিৱেশৰ মাজতে শনিবাৰে পুৱাই কলিয়াবৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident at Kaliabaor)৷ পুৱা প্ৰায় ৫ বজাত কলিয়াবৰৰ দাৰিগজিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এ এছ ০১ ডি এম ৩৬১৩ নম্বৰৰ এখন স্কুটীৰে গুৱাহাটীৰ পৰা মঙলদৈ অভিমুখে আহি আছিল ৷ দুই স্কুটী আৰোহীয়ে আহি থকা অৱস্থাতে স্কুটীখনক তীব্ৰবেগী এখন বাহনে খুন্দিওৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় (One Died in Road Accident)৷ ফলত মঙলদৈৰ শান্তিপাৰাৰ অভিজ্ঞান ৰায় দত্ত (২০) আৰু উজানবজাৰৰ ৰোহিত দাস নামৰ দুই যুৱক গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হৈ আহত হয় ৷ আহত দুয়োকে জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছত চিকিৎসাধীন অৱস্থাতেই ৰোহিত দাস নামৰ যুৱকজনৰ মৃত্যু ঘটে (One Died at Kaliabor)৷ সম্প্ৰতি আহত আনজন যুৱকক তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ (Tezpur Medical College Hospital) প্ৰেৰণ কৰা হয় ৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.