Road Accident in Rangia: ৰঙিয়া ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত নিহত এজন

By

Published : May 29, 2023, 2:20 PM IST

thumbnail

ৰঙিয়া, ২৯ মে': ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত দেওবাৰে নিশা এক পথ দুৰ্ঘটনা সংঘটিত হয় (Road Accident in Rangia) ৷ এই দুৰ্ঘটনাত এজন লোক ঘটনাস্থলীতেই মৃত্যু মুখত পৰাৰ লগতে দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন ভাঙি চূৰ্ণ হয় । মৃত লোকজনক নলবাৰী জিলাৰ মিন্টু বৈশ্য (৩২) বুলি জানিব পৰা হৈছে । দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ নম্বৰ হৈছে এ এছ ১৪ পি ৭১০০ ।

প্ৰত‍্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া অনুসৰি গুৱাহাটীৰ পৰা নলবাৰী দিশলৈ গৈ থকা অৱস্থাত গাড়ীখনে ৰাজপথৰ ডিভাইডাৰত খুন্দা মাৰে । প্ৰচণ্ড জোৰত মৰা খুন্দাত গাড়ীখনৰ আৰোহীজন প্ৰায় বিশফুট আঁতৰত চিটিকি পৰে । পিচত স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে লোকজনক ৰঙিয়াৰ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে ব‍্যক্তিগৰাকীক মৃত ঘোষণা কৰে ।

দুৰ্ঘটনাৰ পিচতে বহু সময়লৈকে নলবাৰী অভিমুখী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ হৈ পৰে(Rangia National Highway) । যাৰ ফলত তীব্ৰ যান-জঁটৰ সৃষ্টি হয় । পিচত আৰক্ষীয়ে পথটো মোকলাই দিয়ে ।

লগতে পঢ়ক: AEC Students death in Road Mishap:জালুকবাৰী পথ দুৰ্ঘটনাত নিহত ইমনৰ গৃহত শোকাকুল পৰিৱেশ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.