AEC Students death in Road Mishap:জালুকবাৰী পথ দুৰ্ঘটনাত নিহত ইমনৰ গৃহত শোকাকুল পৰিৱেশ

By

Published : May 29, 2023, 1:45 PM IST

thumbnail

মৰাণ, ২৯ মে': গুৱাহাটীৰ জালুকবাৰীত পথ দুৰ্ঘটনাত নিহত ছাত্ৰকেইজনৰ মাজত আছিল ডিব্ৰুগড়ৰ নিজ মানকটাৰ ইমন বৰুৱা (Youth dies in Guwahati road accident) ৷ সঞ্জীৱ লোচন বৰুৱা আৰু ত্ৰিবেণী বৰুৱাৰ একমাত্ৰ পুত্ৰ আছিল ইমন বৰুৱা । দেওবাৰে নিশা দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচতেই পৰিয়ালৰ লোকক ঘটনাৰ বিষয়ে অৱগত কৰা হয় (AEC Students death in Road Mishap) ৷ ইমনৰ দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগেই সমগ্ৰ ঘৰখনত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় ৷ এই খবৰ পোৱাৰ পাচতেই ইমনৰ ঘৰত বিভিন্নজনে উপস্থিত হৈ পৰিয়ালৰ সদস্য়ক সান্তনা দিবলৈ চেষ্টা চলায় । কিন্তু ছাত্ৰজনৰ মৃত্যু কোনোৱেই যেন মানি ল’ব পৰা নাই ।  

উল্লেখ্য় যে ইমনৰ পিতৃ ডিব্ৰুগড়ৰ দূৰসংযোগ বিভাগৰ অৱসৰপ্ৰাপ্ত সহকাৰী পৰিচালক আছিল । ইমনৰ আত্মীয়ই উল্লেখ কৰা অনুসৰি মাতৃৰ লগত নিশাৰ ১০:৩০ বজাত শেষ কথা পাতিছিল ইমনে । পৰিয়ালৰ লোকক পৰীক্ষাৰ বাবে পঢ়ি থকা বুলি জনাইছিল ছাত্ৰজনে । 

লগতে পঢ়ক:AEC Students Killed in Road Mishap: ৰাজকিৰণ ভূঞাৰ মাজুলীৰ বাসগৃহত শোকাকুল পৰিবেশ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.