Road accident at Amguri: আমগুৰিত পথ দুৰ্ঘটনাত থিতাতে নিহত মৎস্য ব্যৱসায়ী

By

Published : Jan 29, 2023, 3:44 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

আমগুৰি, ২৯ জানুৱাৰী: আমগুৰিত শনিবাৰে নিশা সংঘটিত এক পথ দুৰ্ঘটনাত এজন মটৰ চাইকেল আৰোহী থিতাতে নিহত হয়(One death in Road Accident) ৷ নিহত লোকজন শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত ১নং চিন্তামণিগড়ৰ মহব্বত আলি (৬৯)বুলি চিনাক্ত কৰা হৈছে । আমগুৰিৰ বৃন্দাবন চাৰিআলি সমীপৰ ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনাটো(Road accident at Amguri) ৷

আমগুৰিৰ পৰা জাঁজী দিশে আহি থকা এ-এছ-০৪-জেদ-৭৪২৯ নম্বৰৰ বাজাজ চিটি ১১০ মটৰচাইকেলখন পথৰ ওপৰত ৰখাই থোৱা সময়তে এ-এছ-০৪-বিচি-৫১৮১ নম্বৰৰ ডাম্পাৰখনে পিছফালে তীব্ৰবেগত খুন্দা মৰাৰ ফলতেই থিতাতে নিহত এজন মটৰ চাইকেল আৰোহীজনৰ ৷ পেছাত মৎস্য ব্যৱসায়ী মহব্বত আলিয়ে দিনৰ ব্যৱসায় সামৰি নিজ গৃহ অভিমুখে আহি থকা সময়তে সংঘটিত হয় এই দুৰ্ঘটনাটো(Tragic road accident) । 

এই দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আমগুৰি আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত ব্যক্তিজনক আমগুৰি সামূহিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে । মৎস্য ব্যৱসায়েৰে পৰিয়াল পোহপাল দি অহা মহব্বত আলিৰ মৃত্যুত পৰিয়ালটোলৈ অন্ধকাৰ নামি আহিছে । 

লগতে পঢ়ক: Tragic road accident: দুৰ্ঘটনা চাবলৈ যোৱা লোকক মহতিয়াই নিলে ট্ৰাকে; 5 জন নিহত

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.