ETV Bharat / bharat

Tragic road accident: দুৰ্ঘটনা চাবলৈ যোৱা লোকক মহতিয়াই নিলে ট্ৰাকে; 5 জন নিহত

author img

By

Published : Jan 29, 2023, 1:44 PM IST

স্কুটি আৰু চাৰিচকীয়া বাহনৰ এটা দুৰ্ঘটনাৰ পাচতে ৰাজপথত ভিৰ কৰিছিল অসংখ্য লোকে । সেই সময়তে ট্ৰাকে মহতিয়াই নিলে বহু লোকক (Lakhimpur Kheri accident)। দুৰ্ঘটনাটোত মৃত্যু ৫ জনৰ, ১৫ জনৰো অধিক আহত । মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ ।

UP accident
দুৰ্ঘটনা চাবলৈ যোৱা লোকক মহতিয়াই নিলে ট্ৰাকে

নেশ্যনেল ডেস্ক,২৯ জানুৱাৰী : উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীত ভয়ংকৰ পথ দুৰ্ঘটনা (Accident in UP)। শনিবাৰে নিশা এখন দ্ৰুতবেগী ট্ৰাকে মহতিয়াই লৈ যায় কেইবাজনো লোকক । দুৰ্ঘটনাটোৰ ফলত ৫ জনকৈ লোকৰ থিতাতে মৃত্যু হয় (5 killed after truck rammed in UP)। লগতে ১৫ গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হয় । খেৰী-ভাৰাইচ ঘাইপথৰ পাংগী গাঁৱত এখন চাৰিচকীয়া বাহন আৰু স্কুটিৰ সংঘৰ্ষৰ পাচতে পথৰ কাষত সমবেত হৈছিল বহু লোক । সেই সময়তে তীব্ৰবেগী ট্ৰাকখনে মহতিয়াই লৈ যায় লোকসকলক ।

দুৰ্ঘটনাটোত নিহতসকল লখিমপুৰ খেৰীৰ পাংগী খুৰ্দ গাঁৱৰ বাসিন্দা ৰিজৱান, কৰণ, পৰাশ নিশাদ, কৰুনেশ বাৰ্মা আৰু বীৰেন্দ্ৰ বাৰ্মা বুলি চিনাক্ত কৰা হৈছে । দুৰ্ঘটনাটোৰ পাচতে আৰক্ষী অধীক্ষক গণেশ প্ৰসাদ সাহাৰ লগতে আন আৰক্ষী বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় । আনহাতে দুৰ্ঘটনাত পতিত লোকসকলক লগে লগে উদ্ধাৰৰ বাবে অভিযান চলোৱা হয় । ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে (Kheri Bharaich highway accident)।

  • मुख्यमंत्री जी ने घायलों को तत्काल अस्पताल पहुंचाकर जिला प्रशासन के अधिकारियों को उनका समुचित उपचार कराने तथा जिलाधिकारी और पुलिस के वरिष्ठ अधिकारियों को मौके पर जाकर राहत कार्य कराने के निर्देश दिए हैं।

    उन्होंने घायलों के शीघ्र स्वस्थ होने की कामना की है।

    — CM Office, GoUP (@CMOfficeUP) January 28, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

আৰক্ষী অধীক্ষক গণেশ প্ৰসাদ সাহাই সাংবাদিকক জনোৱা মতে, এই ভয়ংকৰ দুৰ্ঘটনাটোৰ পূৰ্বে ৰাজাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাংগী গাঁৱৰ ভাৰাইচ পথত এখন চাৰিচকীয়া বাহন আৰু স্কুটিৰ মাজত সংঘৰ্ষ হৈছিল । ফলত কিছুমান লোক ৰাস্তাত একত্ৰিত হৈছিল । সেই সময়তে এখন দ্ৰুতবেগী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই লোকসকলক মহতিয়াই লৈ যায় (Truck crushed crowd in Lakhimpur Kheri)। এই ঘটনাৰ পাচতে অঞ্চলটোত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হৈছে ।

প্ৰথম দুৰ্ঘটনাটো হৈছিল সন্ধিয়া প্ৰায় ৭:৩০ বজাত । পিলিভিট বস্তি পথৰ ভাৰাইচ অভিমুখে যোৱা এখন বাহনে বিপৰীত দিশত অহা এখন স্কুটীত খুন্দা মাৰে য'ত স্কুটি আৰোহীজন আঘাতপ্ৰাপ্ত হয় । ইয়াৰ পাচতে, ঘটনাস্থলীত যথেষ্ট লোকে ভিৰ কৰে । সেই সময়তে বাহৰেইনৰ পৰা অহা দ্ৰুতবেগী ট্ৰাকখনে মানুহৰৰ ভিৰৰ ওপৰেৰে গৈ খাৱৈত বাগৰি পৰে । দুৰ্ঘটনাত আহতসকলক ততালিকে জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

এই পথ দুৰ্ঘটনাটোৰ পাচতে ৰাজ্যখনত শোকৰ ছাঁ পৰিছে । মৃত লোকসকলৰ গাঁওখনত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে । ইফালে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে (UP CM expresses grief over Kheri accident)। লগতে আহত লোকসকলৰ উপযুক্ত চিকিৎসা প্ৰদানৰ নিৰ্দেশ দিছে ।

লগতে পঢ়ক :Junior Clerk Exam Paper leaked : নিযুক্তি পৰীক্ষাৰ পাঁচ ঘন্টা পূৰ্বে ফাদিল প্ৰশ্নকাকত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.