One detained with illegally smuggled gold: নিউ বঙাইগাঁও ৰেল ষ্টেচনত সোণসহ আটক এজন

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 9:27 AM IST

thumbnail

বঙাইগাঁও, ২৯ ছেপ্টেম্বৰ : শুকুৰবাৰে নিশাৰ ভাগত নিউ বঙাইগাঁও ৰেল ষ্টেচনত অবৈধভাৱে সৰবৰাহ কৰা সোণ জব্দ কৰে নিউ বঙাইগাঁও ৰে’লৱে আৰক্ষীয়ে ৷ নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনৰ প্লেটফৰ্মত বহু সময়ৰ পৰাই সন্দেহজনক অৱস্থাত এজন লোকক প্ৰত্যক্ষ কৰি আছিল আৰক্ষীয়ে ৷ পিচত আৰক্ষীয়ে মানুহজনক সোধ-পোচ কৰে আৰু তেওঁৰ তালাচী চলায় ৷ তালাচী চলোৱাৰ পিচতেই আৰক্ষীয়ে তেওঁৰ বেগৰ পৰা উদ্ধাৰ কৰে সোণ আৰু ৰূপৰ কিছু আ-অলংকাৰ ৷

আৰক্ষীয়ে বস্তুখিনিৰ সঠিক বিল বিচাঁৰোতে মানুহজনে দিব নোৱাৰাত নিউ বঙাইগাঁও ৰে’লৱে আৰক্ষীয়ে তেওঁক আটক কৰে আৰু অধিক সোধ-পোচ কৰাৰ বাবে আৰক্ষী চকীলৈ লৈ যায় ৷ মানুহজনৰ নাম নৰোত্তম আৰু তেওঁ ঘৰ কলকাতাত বুলি জানিব পৰা গৈছে ৷ তেওঁৰ বেগৰ পৰা ৬২ গ্ৰাম সোণৰ উপৰিও ৰূপৰ অলংকাৰ উদ্ধাৰ কৰে ৰে’লৱে আৰক্ষীয়ে ৷

সোণ আৰু ৰূপৰ বস্তুৰ উপৰিও কিছু পৰিমাণৰ নগদ ধন, ৱেটিং স্কেল আৰু মোবাইল ফোনো জব্দ কৰে আৰক্ষীয়ে ৷ বৰপেটা টাউনৰ কোনোবা এখন সোণৰ দোকানৰ পৰা সোণখিনি হাওৰালৈ যোৱাৰ উদ্দেশ্যে ৰৈ আছিল তেওঁ ৷ ইতিমধ্যে এই ঘটনা সন্দৰ্ভত নিউ বঙাইগাঁও ৰে’লৱে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক : Erani group member arrested: বঙাইগাঁৱত ইৰাণী গ্ৰুপৰ সদস্য আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.