Erani group member arrested: বঙাইগাঁৱত ইৰাণী গ্ৰুপৰ সদস্য আটক

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 7:39 PM IST

thumbnail

বঙাইগাঁও,২৭ ছেপ্টেম্বৰ: বঙাইগাঁও চহৰৰ মায়াপুৰীত বুধবাৰে বিয়লি ভাগত বঙাইগাঁও আৰক্ষীয়ে অভিযান চলাই এটা কুখ্যাত ইৰাণী গ্ৰুপৰ সদস্যক আটক কৰিবলৈ সক্ষম হয় । বিয়লিভাগত বঙাইগাঁৱৰ মায়াপুৰীস্থিত ইণ্ডিয়ান বেংকৰ সমীপৰ পৰা আটক কৰা হয় এই ইৰাণী গ্ৰুপৰ সদস্যজনক । ইৰাণী গ্ৰুপৰ সদস্যজন বিহাৰৰ কিশানগঞ্জৰ ১৮ তুষাৰ বিশ্বাস বুলি জানিব পৰা গৈছে ।  

চুৰিকাণ্ড সংঘটিত কৰাৰ বাবে ইৰাণী গ্ৰুপটোৱে বঙাইগাঁও চহৰৰ মাজমজিয়াত থকা মায়াপুৰীস্থিত ইণ্ডিয়ান বেংকৰ সমীপত বাহৰ পাতি আছিল বুলি জানিব পৰা গৈছে । ঠিক সেই সময়তেই গোপন সূত্ৰৰ পম খেদি ঘটনাস্থলীত উপস্থিত হয় বঙাইগাঁও আৰক্ষী আৰু আটক কৰে তুষাৰ বিশ্বাস নামৰ ইৰাণী গ্ৰুপৰ সদস্যজনক ।  

তুষাৰ বিশ্বাসৰ লগত আৰু ইৰাণী গ্ৰুপৰ সদস্য সহযোগী হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে বঙাইগাঁও আৰক্ষীয়ে । ইৰাণী গ্ৰুপৰ সদস্যজনৰ পৰা চুৰি কাৰ্যত ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ সামগ্ৰী জব্দ কৰে বঙাইগাঁও আৰক্ষীয়ে । ইতিমধ্যে যুৱক জনক সমগ্ৰ ঘটনাক লৈ জেৰা অব্যাহত ৰাখিছে বঙাইগাঁও আৰক্ষীয়ে ।

লগতে পঢ়ক: AFSPA in Manipur: মণিপুৰৰ ১৯ টা স্থানত পুনৰ AFSPAৰ ম্যাদ 6 মাহৰ বাবে বৃদ্ধি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.