Cattle theft: গৌৰীসাগৰত বিলাসী বাহনসহ এটা গৰু চোৰ গ্ৰেপ্তাৰ

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 10:07 AM IST

thumbnail

আমগুৰি, ৩১ অক্টোবৰ: শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষীয়ে সোমবাৰে নিশা অভিযান চলাই এটা গৰু চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। লগতে গৌৰীসাগৰ আৰক্ষীয়ে গৰু চুৰিৰ বাবে ব্যৱহাৰ কৰা AS 01 FQ 3627 নম্বৰৰ ৰেন’ল্ট টাইগাৰ বিলাসী বাহনখনো জব্দ কৰে ৷ আৰক্ষীয়ে বাহনখনৰ ভিতৰৰ পৰা এটা চুৰি কৰা গৰু জব্দ কৰিবলৈ সক্ষম হয়। 

এক গোপন সূত্ৰৰ পম খেদি গৌৰীসাগৰ আৰক্ষী থানাৰ আৰক্ষীৰ এটা তহলদাৰী দলে গৰু চুৰি কৰি থাকোঁতেই এটা চোৰক খেদি খেদি গ্ৰেপ্তাৰ কৰে ৷ আনহাতে  আন্ধাৰৰ সুযোগ লৈ আন এটা চোৰ পলাই যাবলৈ সক্ষম হয় । নামদাং শিলৰ সাঁকোৰ সমীপত গৰু চুৰিৰ প্ৰচেষ্টা কৰিছিল চোৰ দুটাই । 

অভিযুক্ত চোৰটোৰ জয়নাল উদ্দিন বুলি জানিবলৈ দিয়ে ৷ অভিযুক্তটোৰ ঘৰ নগাঁও জিলাৰ চামগুৰিত। ইতিমধ্যে গৌৰীসাগৰ আৰক্ষীয়ে কেছ নং ২১/২৩ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৯ ধাৰাত আৰু Animal Cruelty Act ৰ ১১ (১) ক ধাৰাত এক গোচৰ ৰুজু কৰি অধিক তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Anti Drugs mission in Assam: বেলতলাত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.