Anti Drugs mission in Assam: বেলতলাত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 11:01 PM IST

thumbnail

গুৱাহাটী, ৩০ অক্টোবৰ: গুৱাহাটী মহানগৰীৰ বেলতলাত পুনৰ এছটিফৰ অভিযান ৷ এই অভিযানত অভিযানকাৰী দলটোৱে দুটাটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে । ধৃত সৰবৰাহকাৰীকেইটা হৈছে আকাশ আলী আৰু জইনাল আলী । সোমবাৰে সন্ধিয়াৰ ভাগত বেলতলা ভগদত্তপুৰৰ এটা ডেম্পত চলে এই অভিযান । অভিযান কালত জব্দ ৫০ টা হেৰ'ইন ভৰ্তি কণ্টেইনাৰ । লগতে এছটিএফৰ দলটোৱে জব্দ কৰে ৬ টা চুৰি মোবাইল ফোন, AS 25 V 7615 নম্বৰৰ এখন বাইকসহ নগদ ১২ হাজাৰ টকা । 

আনহাতে,এছটিএফৰ অভিযানকাৰী দলটোৱে আটক কৰে ড্ৰাগছ তথা চুৰি মোবাইল ব্যৱসায়ৰ লগত জড়িত আকাশ আলী আৰু জইনাল আলীক। উল্লেখ্য যে অভিযান চলোৱা ডেম্পটোতে কৰ্মৰত আছিল ধৃত দই সৰবৰাহকাৰী । দীৰ্ঘদিন ধৰি এই ডেম্পটোত চলি আহিছে ড্ৰাগছ আৰু চুৰি মোবাইল ফোনৰ ৰমৰমীয়া বেহা। ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীৰ সহযোগত এছটিএফৰ দলটোৱে অব্যাহত ৰাখিছে তদন্ত ।

লগতে পঢ়ক:Drugs seized: খানাপাৰাত পুনৰ STF ৰ অভিযান, চাৰি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.