Baghjan Oil Leakage: বাঘজানত পুনৰ অঘটন; তৈলখাদৰ পৰা অহৰহ গেছ নিৰ্গমন

By

Published : Mar 8, 2023, 8:42 PM IST

thumbnail

তিনিচুকীয়া, 8 মাৰ্চ: বাঘজানৰ তৈলখাদত পুনৰ অঘটন ৷ অইল ইণ্ডিয়া লিমিটেডৰ তিনিচুকীয়াৰ বাঘজানস্থিত BJI  তৈলখাদত এই অঘটন ৷ হঠাতে পাইপেৰে অহৰহভাৱে গেছ আৰু কণ্ডেনছেটজাতীয় পদাৰ্থ (Baghjan Oil Leakage) নিৰ্গত হোৱাৰ পাচতেই অঞ্চলটোত সৃষ্টি হয় হাহাকৰ পৰিস্থিতিৰ ৷ অৱশ্যে অইল ইণ্ডিয়া লিমিটেডৰ তৎপৰতাত নিয়ন্ত্ৰণ কৰা হয় পৰিস্থিতি ৷  

ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানেও অঞ্চলটোত অব্যাহত আছে উত্তেজনা ৷ পুনৰ বাঘজানকাণ্ডৰ পুনৰাবৃত্তি হোৱাৰ আশংকা প্ৰকাশ একাংশ লোকৰ ৷ অৱশ্যে এতিয়ালৈকে পোহৰলৈ অহা ঘটনা সংঘটিত হোৱাৰ কাৰণ ৷ ঘটনাৰ পাচতেই অইল ইণ্ডিয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত বাঘজান মিলনজ্যোতি সংঘৰ ৷  

উল্লেখ্য যে, ২০২০ৰ ২৭ মে' তাৰিখে বাঘজান BGR, 5 No তৈল খাদত প্ৰথমে গেছ নিৰ্গত হয় আৰু ২৭ মে' ৰ পৰা ১৩ দিন ধৰি অহৰহ গেছ নিৰ্গত হৈ ৯ জুন তাৰিখে এক ভয়ংকৰ অগ্নিকাণ্ডলৈ ৰূপান্তৰ হয় আৰু অৱশেষত 173 দিনৰ অন্তত জুই নিৰ্বাপন কৰা হয় (Baghjan incident) ৷ 

লগতে পঢ়ক: Laborer critically injured: কৰ্মৰত অৱস্থাত কলঘৰৰ CTC মেচিনত সোমাই শ্ৰমিক গুৰুতৰভাৱে আহত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.