Laborer critically injured: কৰ্মৰত অৱস্থাত কলঘৰৰ CTC মেচিনত সোমাই শ্ৰমিক গুৰুতৰভাৱে আহত

By

Published : Mar 7, 2023, 9:21 PM IST

thumbnail

তিনিচুকীয়া, ৭ মাৰ্চ: ৰাজ্যত পুনৰ মইনা নায়কৰ দৰে অনুৰূপ ঘটনা সংঘটিত হৈছে ৷ ৰাজ্যজুৰি আবিৰৰ উৎসৱ উলহ মালহেৰে উদযাপন কৰাৰ সময়তে তিনিচুকীয়া জিলাৰ ডুমডুমাৰ সমীপৰ চামডাং চাহ বাগিচাৰ কলঘৰত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনাৰ (Laborer critically injured at Samdong tea estate) ৷ চামডাং চাহ বাগিচাৰ কলঘৰত কৰ্মৰত অৱস্থাত CTC মেচিনত সোমাই এজন শ্ৰমিক গুৰুতৰভাৱে আহত হৈছে (Laborer critically injured) ৷ আহত হোৱা শ্ৰমিকজন শম্ভূ তাঁতী বুলি জানিব পৰা গৈছে ।  

নিয়ম অনুসৰি হোলী উপলক্ষে চাব বাগিচাৰ কৰ্মীসকলক বন্ধ দিয়া হয় ৷ কিন্তু বন্ধৰ দিনটোতো এই শ্ৰমিকগৰাকীক কাম কৰোৱাইছিল বাগান কৰ্তৃপক্ষই । গুৰুতৰভাৱে আহত শ্ৰমিকজনক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷  

এই ঘটনাৰ পিচতে আটছাৰ নেতাই কয় যে, বাৰম্বাৰ এনে ঘটনা হৈ পাচতো চাহ বাগিচা কৰ্তৃপক্ষই শ্ৰমিকসকলৰ জীৱনৰ নিৰাপত্তা দিব নোৱাৰে ৷ তেওঁলোকে কেৱল মেচিনৰ দৰে ব্যৱহাৰ কৰে চাহ শ্ৰমিকসকলক ৷ শ্ৰমিকসকলৰ নিৰাপত্তাৰ কাৰণে ব্যৱস্থা কৰক ৷ 

লগতে পঢ়ক: Ramsar Site Deepor Beel : দীপৰ বিল সংৰক্ষণত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.