HBD Jayant Hazarika: চান্দমাৰীস্থিত জয়ন্ত হাজৰিকা উদ্যানত গীতে মাতে শিল্পীগৰাকীক স্মৰণ

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 2:28 PM IST

thumbnail

গুৱাহাটী, ২০ ছেপ্টেম্বৰ : দৰদী শিল্পী জয়ন্ত হাজৰিকাৰ আজি ৮০ সংখ্যক ওপজা দিন । আজি ৰাণা দাক সশ্ৰদ্ধ স্মৰণ কৰিছে ৰাজ্যবাসীয়ে । গায়ক, সুৰকাৰ, সংগীত পৰিচালক, গীতিকাৰ ৰাণা দাৰ জন্মদিন উপলক্ষে বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে সাংস্কৃতিক কাৰ্যসূচী ।

তেওঁৰ ওপজা দিনটোত মহানগৰীৰ চান্দমাৰীস্থিত জয়ন্ত হাজৰিকা উদ্যানত এক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷  এই অনুষ্ঠানত জয়ন্ত হাজৰিকা উদ্যানত থকা শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিত সুৰ বাহিনীৰ উদ্যোগত শ্ৰদ্ধাঞ্জলী জনোৱাৰ লগতে গীত পৰিৱেশন কৰা হয় । অনুষ্ঠানত প্ৰয়াত শিল্পীগৰাকীৰ পত্নী তথা কণ্ঠশিল্পী মনিষা হাজৰিকা, জে পি দাস, কণ্ঠশিল্পী শান্তা উজীৰ, কণ্ঠশিল্পী মালবিকা বৰাকে ধৰি উপস্থিতিত বহু গুণমুগ্ধই শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলী জনায় ।

শ্ৰদ্ধাঞ্জলী জনোৱাৰ পিচত উপস্থিত শিল্পীবৃন্দই সংগীতানুষ্ঠান পৰিৱেশন কৰে । অসমীয়া সংগীত জগতৰ এই গৰাকী ভোটাতৰাৰ জন্ম হৈছিল ১৯৪৩ চনৰ ২০ ছেপ্টেম্বৰত । ৩৪ বছৰ বয়সত অকালতে মৃত্যু হোৱা ৰাণা দাৰ গীতবোৰে আজিও শ্ৰোতাৰ মন-মগজুত খলকনি তোলে ।

লগতে পঢ়ক: Happy Birthday Jayanta Hazarika: আকৌ নতুন প্ৰভাত হ’ব...কালৰাতি নাথাকিব; আজি ‘ৰাণা দা’ৰ জন্ম বাৰ্ষিকী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.