মুখ্যমন্ত্ৰীৰ লিখিত প্ৰতিশ্রুতি অবিহনে অনশন ভংগ নকৰে প্ৰতিবাদী শিক্ষকে

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 8:48 PM IST

thumbnail

গুৱাহাটী, ৮ ডিচেম্বৰ: ৰাজ্যৰ ২৩ হাজাৰৰো অধিক ভেন্সাৰ শিক্ষানুষ্ঠানত কৰ্মৰত ২০ হেজাৰ শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণৰ দাবীত গুৱাহাটীৰ চচলত সদৌ অসম অপ্রাদেশীকৃত শিক্ষক-কর্মচাৰী সংস্থাই অব্যাহত ৰাখিছে অনির্দিষ্টকালীন অনশন কার্যসূচী । পদ প্ৰাদেশিকীকৰণ আইনৰ পূৰ্ণাংগ সংশোধনৰ দাবীকে ধৰি অন্যান্য সমস্যাৰ সমাধানৰ বাবে পঞ্চম দিনাও সদৌ অসম অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰীয়ে অনশন কাৰ্যসূচী ৰূপায়ন কৰে ।  ইফালে, যোৱা ৪ ডিচেম্বৰৰ পৰা অনশনত বহা শিক্ষক সকলৰ ভিতৰত ১১ গৰাকী শাৰীৰিকভাৱে অসুস্থ হৈ পৰাত ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় ।

ইয়াৰে এজন শিক্ষক গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে । এনে পৰিস্থিতিৰ পিছতো চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ সঁহাৰি নোপোৱাত আক্ষেপ প্ৰকাশ কৰিছে সদৌ অসম অপ্রাদেশীকৃত শিক্ষক-কর্মচাৰী সংস্থাই । মুখ্যমন্ত্ৰীয়ে লিখিত প্ৰতিশ্রুতি নিদিয়ালৈ প্ৰাণ গ'লেও অনশন ভংগ নকৰাৰ হুংকাৰ দিছে প্ৰতিবাদী শিক্ষক সকলে ।

লগতে পঢ়ক:ৰাজ্যজুৰি পঞ্চমদিনাও বন্ধ ৰন্ধন গেছৰ যোগান; পণবন্দী লাখ-লাখ ৰন্ধন গেছৰ গ্ৰাহক

TAGGED:

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.