ETV Bharat / state

ৰাজ্যজুৰি পঞ্চমদিনাও বন্ধ ৰন্ধন গেছৰ যোগান; পণবন্দী লাখ-লাখ ৰন্ধন গেছৰ গ্ৰাহক

author img

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 5:54 PM IST

অভিযোগ উঠিছে যে নৰ্থ-ইষ্ট পেকড এলপিজি ট্ৰেন্সপ'ৰ্টাৰ এছোচিয়েচনৰ থলুৱা ব্যৱসায়ীসকলে পাবলগীয়া বকেয়া ধন দীৰ্ঘদিন আদায় দিয়া নাই ৷ বকেয়া ধন আদায় নিদিয়াকৈ আইঅ'চিএল কৰ্তৃপক্ষই নতুনকৈ পৰিবহণৰ বাবে নিবিদা আহ্বান কৰিছে ৷

LPG transporter association strike
ৰাজ্যজুৰি পঞ্চমদিনাও বন্ধ ৰন্ধন গেছৰ যোগান

গুৱাহাটী, ৮ ডিচেম্বৰ : অসম চৰকাৰ, ভাৰতীয় তেল নিগম আৰু নৰ্থ-ইষ্ট পেকড এলপিজি ট্ৰেন্সপ'ৰ্টাৰ এছোচিয়েচনৰ মাজৰ যুঁজত পণবন্দী হৈছে অসম তথা উত্তৰ-পূবৰ লাখ লাখ ৰন্ধন গেছ ব্যৱহাৰকাৰী গ্ৰাহক । অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত নাটনি হোৱাৰ দিশে ৰন্ধন গেছৰ যোগান ৷ বিগত ৫ দিন ধৰি ভাৰতীয় তেল নিগমৰ ইন্ধন বটলিং প্লাণ্টসমূহৰ পৰা সৰবৰাহ হোৱা নাই ৰন্ধন গেছ । ৰন্ধন গেছৰ চিলিণ্ডাৰ কঢ়িওৱা পৰিবহণ সংস্থা 'নেপটা'ই কৰিছে ধৰ্মঘট ।

ইয়াৰ পৰিপ্ৰেক্ষিতত সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে উত্তৰ-পূবৰ সাতটাকৈ এলপিজি বটলিং প্লাণ্টৰ পৰা ৰন্ধন গেছ কঢ়িওৱা বাহনসমূহ । এই ধৰ্মঘটৰ ফলত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ এলপিজি গ্ৰাহকসকল সমস্যাৰ সন্মুখীন হৈছে । বিগত ৫ টা দিনে ধৰ্মঘট অব্যাহত ৰাখিছে নৰ্থ-ইষ্ট পেকড এলপিজি ট্ৰেন্সপ'ৰ্টাৰ এছোচিয়েচন নামৰ পৰিবহণ সংস্থাটোৱে । যাৰ ফলত শুকুৰবাৰে পঞ্চম দিনৰ বাবেও বন্ধ হৈ আছে উত্তৰ-পূৰ্বাঞ্চলৰ ৭ টাকৈ ৰন্ধন গেছ প্ৰকল্প ।

উল্লেখ্য যে অনিৰ্দিষ্টকাললৈ এই ধৰ্মঘটৰ হুংকাৰ দিছে পৰিবহণ সংস্থাটোৱে । নৰ্থ ইষ্ট পেকড এলপিজি ট্ৰেন্সপ'ৰ্টাৰ এছোচিয়েচন চমুকৈ নেপটা নামৰ পৰিবহণ সংস্থাটোৱে কেইবা দফীয়া দাবীত গ্ৰহণ কৰিছে এই অনিৰ্দিষ্টকালীন ধৰ্মঘট ৷ আইঅ'চিএল কৰ্তৃপক্ষই থলুৱা পৰিবহণ ব্যৱসায়ীক প্ৰৱঞ্চনা কৰাৰ অভিযোগ তুলি সংগঠনটোৱে ৪ ডিচেম্বৰৰ পৰা গ্ৰহণ কৰিছে এই ধৰ্মঘটৰ কাৰ্যসূচী ।

তেওঁলোকৰ অভিযোগ যে নৰ্থ-ইষ্ট পেকড এলপিজি ট্ৰেন্সপ'ৰ্টাৰ এছোচিয়েচনৰ থলুৱা ব্যৱসায়ীসকলে পাবলগীয়া বকেয়া ধন দীৰ্ঘদিন আদায় দিয়া নাই ৷ বকেয়া ধন আদায় নিদিয়াকৈ আইঅ'চিএল কৰ্তৃপক্ষই নতুনকৈ পৰিবহণৰ বাবে নিবিদা আহ্বান কৰিছে ৷ লগতে অসম চৰকাৰ, ভাৰতীয় তেল নিগম আৰু নৰ্থ-ইষ্ট পেকড এলপিজি ট্ৰেন্সপ'ৰ্টাৰ এছোচিয়েচনৰ মাজত হোৱা ত্ৰিপাক্ষিক আলোচনাৰ প্ৰস্তাৱ ভঙ্গ কৰাৰো অভিযোগ তেল নিগমৰ বিৰুদ্ধে ।

ধৰ্মঘটৰ ফলত বন্ধ হৈ আছে উত্তৰ গুৱাহাটী, মিৰ্জাৰ সৰপাৰা, তিনিচুকীয়া, বঙাইগাঁও, ডিমাপুৰ, শিলচৰ আৰু দুলীয়াজান বটলিং প্লাণ্টৰ সম্পূৰ্ণ পৰিবহণ সেৱা । বন্ধৰ ফলত বটলিং প্লাণ্টবোৰত আবদ্ধ হৈ পৰিছে হাজাৰোধিক ৰন্ধন গেছ কঢ়িওৱা বাহন । উল্লেখযোগ্য যে তিনিচুকীয়াস্থিত বটলিং প্লাণ্টৰ পৰা অতিকমেও প্ৰতিদিনে ২৫ হাজাৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ সৰবৰাহ হয় ৷ তাৰে ভিতৰত ১৫ হাজাৰ ঘৰুৱা আৰু ১০ হাজাৰ ব্যৱসায়িক ।

অৱশ্যে চাহিদা অনুযায়ী এই সংখ্যা কম-বেছি হয় ৷ ইফালে দুলীয়াজানৰ বটলিং প্লাণ্টৰ পৰা দুলীয়াজানৰ ৰন্ধন গেছ উৎপাদন প্ৰকল্পৰ পৰা দৈনিক প্ৰায় ৩৬৭২ টা ঘৰুৱা চিলিণ্ডাৰ বজাৰলৈ যায় । দুলীয়াজান প্ৰকল্পৰ পৰা কেৱল ঘৰুৱা চিলিণ্ডাৰহে বজাৰলৈ যায় । উত্তৰ গুৱাহাটীৰ বটলিং প্লাণ্টৰ পৰা দৈনিক কমেও চাহিদা অনুযায়ী ৩০ হাজাৰৰ পৰা ৩৫ হাজাৰ এলপিজি চিলিণ্ডাৰ গ্ৰাহকৰ ওচৰলৈ ওলাই যায় ৷

একেদৰে মিৰ্জাৰ সৰপাৰা আৰু বঙাইগাঁৱৰ প্লাণ্ট দুটাৰ পৰাও চাহিদা অনুযায়ী প্ৰায় ৪০ হাজাৰৰ আশেপাশে ৰন্ধন গেছৰ চিলিণ্ডাৰ ওলাই যায় । বাতৰি লিখাৰ মুহূৰ্তলৈকে অসম চৰকাৰ, ভাৰতীয় তেল নিগম আৰু নৰ্থ-ইষ্ট পেকড এলপিজি ট্ৰেন্সপ'ৰ্টাৰ এছোচিয়েচনৰ মাজৰ আলোচনাই বিশেষ অগ্ৰগতি লাভ লাভ কৰা নাই । যাৰ বাবে এই অচলাৱস্থা আৰু কেইবাদিনো বিৰাজ কৰিব বুলি আশংকা কৰা হৈছে ৷

লগতে পঢ়ক :বিজেপিৰ বাবে টেঙা হ’ল নেকি আঙুৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.