ETV Bharat / state

বিজেপিৰ বাবে টেঙা হ’ল নেকি আঙুৰ ?

author img

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 4:23 PM IST

অসমৰ ৰাজনীতিত কিছুদিন আগলৈকে চৰ্চিত হৈ থকা এটা নাম আছিল আঙুৰলতা ডেকা ৷ অভিনয় জগতৰ পৰা ৰাজনীতিলৈ অহা আঙুৰলতাৰ খুব কম সময়ৰ ভিতৰতে ৰাজনীতিত ঈৰ্ষনীয় উত্থান ঘটিছিল ৷ কিন্তু বৰ্তমান ক’ত আছে আঙুৰলতা ডেকা ? হঠাৎ কিয় কোনো সম্ভেদ নোহোৱা হৈ পৰিল আঙুৰৰ ? পঢ়ক সবিশেষ...

BJP Mohila Morcha state president
Angoorlata Deka BJP

গুৱাহাটী, ৮ ডিচেম্বৰ: তিনি ৰাজ্যৰ বিধানসভা নিৰ্বাচনত অভূতপূৰ্ব জয়ৰ পিছত লোকসভা নিৰ্বাচনলৈ ব্যাপক প্ৰস্তুতি অসম বিজেপিৰো । কিন্তু তাৰ মাজতে বিজেপি মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকাক লৈ ৰহস্যৰ সৃষ্টি হৈছে ৷ কিয়নো বিগত কিছুদিন ধৰি ৰাজ্যৰ ৰাজনীতিৰ পৰা এক প্ৰকাৰ আঁতৰি থকা দেখা গৈছে আঙুৰলতাক ৷ পূৰ্বতে প্ৰায়ে তেওঁ আছিল সংবাদ শিৰোনামত ৷ কিন্তু শেহতীয়াকৈ দলৰ সৈতে দূৰত্ব বাঢ়িছে আঙুৰলতাৰ ।

সৌ সিদিনালৈকে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মহিলা মৰ্চাৰ হৈ বিজেপিৰ সাংগঠনিক কামত ব্যস্ত আছিল ৰাংঢালী আঙুৰলতা । কিন্তু আকস্মিকভাৱে কেইবামাহো ধৰি আঙুৰলতাৰ সন্ধানহীনতাক লৈ উত্থাপন হৈছে বিভিন্ন প্ৰশ্ন ৷ চৰ্চা হৈছে বিভিন্ন প্ৰসংগৰ ৷

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰূপে পিছুদিন আগলৈকে চৰ্চাত আছিল আঙুৰলতাৰ নাম ৷ পিছে লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ দুটামান মাহ বাকী থকা অৱস্থাত বটদ্ৰৱাৰ প্ৰাক্তন বিধায়িকা গৰাকীৰ অনুপস্থিতি বাৰুকৈয়ে সকলোৰে দৃষ্টিগোচৰ হৈছে ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে ৰাজ্যিক বিজেপিৰ গুৱাহাটীৰ বশিষ্ঠৰ মুখ্য কাৰ্যালয়তো এতিয়া প্ৰায় প্ৰতিদিনেই অনুষ্ঠিত হৈছে কেইবাখনো গুৰুত্বপূৰ্ণ সাংগঠনিক সভা ৷ খোদ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়েই এদিন এৰি এদিন সঘন বৈঠক অনুষ্ঠিত কৰিছে বাজপেয়ী ভৱনত । কিন্তু এইবোৰ ক’তোৱেই দেখা পোৱা হোৱা নাই আঙুৰলতা ডেকাক ।

হঠাৎ যেন ৰাজনীতিৰ পথাৰখনত নিস্তেজ হৈ ক’ৰবাত অন্তৰ্ধান হৈ পৰিল আঙুৰলতা । এই লৈ সকলোৰে প্ৰশ্ন, কিন্তু কিয় ? চৰ্চামতে বিজেপিৰ নেতা হাৰিয়ানাৰ ৰবীন্দ্ৰ ৰাজু অসমৰ ফণী শৰ্মাৰ ঠাইত ৰাজ্যখনৰ বিজেপিৰ সাংগঠনিক সম্পাদকৰ দায়িত্বত নিযুক্ত হোৱাৰ পিছৰে পৰা ক্ৰমাৎ দলত সক্ৰিয়তা হ্ৰাস পাবলৈ ধৰে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰয়াসী ৰূপে চৰ্চিত আঙুৰলতাৰ ডেকাৰ ৷ বাজপেয়ী ভৱনতো লাহে লাহে এলাগী হ’বলৈ আৰম্ভ কৰে আঙুৰলতা ডেকা ।

চৰ্চা অনুসৰি দিল্লীত নতুনকৈ ব্যৱসায়ত ব্যস্ত হৈছে আঙুৰলতা ৷ অসমীয়া ছবি জগতৰ পৰা ৰাজনীতিলৈ প্ৰত্যাৱৰ্তন কৰা আঙুৰলতাই দুয়োখন পথাৰতে কিছুদিন আগলৈকে আছিল সপ্ৰতিভ । অভিনয় জগতৰ পৰা ২০১৫ চনত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিয়েই বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হয় ৷ ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ পৰা নিৰ্বাচিত হৈ বটদ্ৰৱা সমষ্টিৰ বিধায়িকা হয় আঙুৰলতা । কিন্তু ২০২১ত বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ শিৱামণি বৰাৰ হাতত পৰাস্ত হয় তেওঁ ৷

তাৰ পিছতেই বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয় আঙুৰলতা ডেকাক । কিন্তু শেহতীয়াভাৱে আঙুৰলতা ডেকাৰ ৰাজনৈতিক নিস্ক্ৰিয়তাই এটা কথা নিশ্চিত কৰিছে যে গুৱাহাটীৰ লোকসভা নিৰ্বাচনত গুৱাহাটীৰ প্ৰাৰ্থিত্বৰ দৌৰৰ পৰা ইতিমধ্যে বাহিৰ হৈছে আঙুৰলতা । লগতে বিজেপিৰ দলীয় সূত্ৰৰ মতে সভানেত্ৰীৰ পদৰ পৰা আঙুৰলতাৰ অপসাৰণ একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে ৷

আঙুৰৰ ঠাইত শীঘ্ৰেই নিযুক্তি দিয়া হ’ব মহিলা বিজেপিৰ ৰাজ্যিক নতুন সভানেত্ৰী ৷ চৰ্চালৈ আহিছে কেইবাটাও নাম ৷ তাৰ ভিতৰত পূৰৱী ৰায় আৰু স্বপ্না বণিয়াৰ নাম উল্লেখযোগ্য । পূৰৱী ৰয় আছে মহিলা মৰ্চাৰ সাধাৰণ সাম্পাদকৰ দায়িত্বত ৷ স্বপ্না বণিয়া আছে অনুসূচিত জাতি মৰ্চাৰ উপ-সভাপতিৰ দায়িত্বত ।

কিন্তু কথা হ’ল অসম বিজেপিত হঠাৎ আঙুৰলতা নিস্ক্ৰিয় হ’ব লগা হ’ল কিয় ? বিজেপিত প্ৰয়োজনীয়তা শেষ হ’ল নেকি আঙুৰৰ ? নে নিজে লৈছে এই কেইবামাহ জোৰা ৰাজনৈতিক সন্ন্যাসৰ সিদ্ধান্ত ৷ মনকৰিবলগীয়া যে সংবাদ মাধ্যমৰ পৰাও সম্পূৰ্ণ আঁতৰি আছে আঙুৰলতা ৷

লগতে পঢ়ক: মন্ত্ৰী বনাম সাংসদ ! শোণিতপুৰত চলিছে সিংহল-পল্লৱৰ ক্ষমতাৰ যুঁজ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.