ETV Bharat / state

মন্ত্ৰী বনাম সাংসদ ! শোণিতপুৰত চলিছে সিংহল-পল্লৱৰ ক্ষমতাৰ যুঁজ !

author img

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 7:25 PM IST

Internal clash between two BJP leaders
Lok sabha election 2024

কোন শক্তিশালী বাণ ৰজাৰ দেশ শোণিতপুৰত ? অশোক সিংহল আৰু পল্লৱলোচন দাসৰ সংঘাত তুংগত উঠিছে ৷ ৰাজ্যৰ ৰাজনীতিলৈ উভতিব তেজপুৰৰ সাংসদ পল্লৱ !

গুৱাহাটী, ২৮ নৱেম্বৰ: দেশজুৰি বাজিছে ২০২৪ৰ লোকসভা নিৰ্বাচনৰ ৰণদুন্দুভি ৷ মাত্ৰ কেইমাহ মানৰ পিছতেই অনুষ্ঠিত হ’ব দেশৰ লোকসভা নিৰ্বাচন ৷ তাৰ মাজতেই বিজেপিৰ দখলত থকা এটা গুৰুত্বপূৰ্ণ সমষ্টি শোণিতপুৰত প্ৰকট হৈছে দুজনকৈ প্ৰভাৱশালী বিজেপি নেতাৰ সংঘাত । লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত শোণিতপুৰ বিজেপিত ক্ষমতাৰ যুঁজ ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুই ঘনিষ্ঠ নেতা মন্ত্ৰী অশোক সিংহল আৰু সাংসদ পল্লৱলোচন দাসৰ মাজৰ সংঘাত তুংগত উঠিছে ৷

মন্ত্ৰী বনাম সাংসদ, অশোক সিংহল বনাম পল্লৱলোচন দাস । কোন শক্তিশালী বাণ ৰজাৰ দেশ শোণিতপুৰত ? দুয়োজনৰ সংঘাতত বিভ্ৰান্ত শোণিতপুৰ বিজেপিৰ কৰ্মকৰ্তা । যেন দুই ম’হৰ যুঁজে প্ৰভাৱ পেলাইছে শোণিতপুৰ বিজেপিৰ কৰ্মকৰ্তাৰ মাজত ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ ঘনিষ্ঠ ব্ৰিগেডটোৰ ভিতৰত অন্যতম হ’ল পল্লৱলোচন দাস । কেইবাবাৰো বিধায়ক হৈ থকাৰ পৰা যোৱা লোকসভা নিৰ্বাচনত বিজয়ী হৈ তেওঁ সাংসদৰূপে দিল্লীলৈ যায় ৷

আনহাতে মুখ্যমন্ত্ৰীৰ বিগ্ৰেডৰ সদস্য নহ’লেও সংঘ পৰিবাৰৰ ঘনিষ্ঠ হোৱাৰ সুবাদতে মুখ্যমন্ত্ৰীৰ কেৱল ঘনিষ্ঠই নহয়, ড৹ শৰ্মা মন্ত্ৰীসভাৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী হ’ল অশোক সিংহল ৷ পল্লৱ-সিংহলৰ এই সংঘাত এদিনীয়া নহয় ৷ প্ৰায় ৫ বছৰীয়া পুৰণি এই সংঘাত ৷

ৰাজনৈতিক গতিবিধিৰ ভূৃ-ৰখাসকলে জানে যে ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ সময়তৰে কথা এয়া । তেতিয়াৰ তেজপুৰ লোকসভা সমষ্টিক লৈ প্ৰাৰ্থিত্বকেন্দ্ৰিক এক বিশেষ পৰিস্থিতিৰ সন্মুখীন হৈছিল বিজেপি ৷ দিল্লীত ঘটিছিল এক প্ৰাৰ্থিত্বকেন্দ্ৰিক বিশেষ ঘটনা । তেতিয়াৰে পৰা দুয়োজনৰ মাজৰ সম্পৰ্ক যেন অহি-নকুল সদৃশ ৷ অৱশ্যে এতিয়া শোণিতপুৰ বিজেপিৰ সভা-সমিতিত দুয়োকে একেলগে দেখা গৈছে শেহতীয়াভাৱে ৷

কিন্তু দলটোৰ ভিতৰুৱা তথ্য অনুসৰি দুয়োৰে সংঘাত এনে পৰ্যায় পাইছেগৈ যে শোণিতপুৰত বিজেপি দুটা ভাগত বিভক্ত হৈছেগৈ ৷ এটা শিবিৰ পল্লৱ লোচন দাসৰ সমৰ্থক আৰু আনটো শিবিৰ অশোক সিংহলৰ ৷ এই সংঘাত নিৰ্মূলৰ বাবে ৰাজ্যিক বিজেপিয়ে প্ৰচেষ্টা হাতত ল’বলগীয়া হৈছে ৷ কাৰণ সমুখত আছে লোকসভা নিৰ্বাচন ৷ তেজপুৰ মণ্ডল বিজেপিতো দুয়োৰে সংঘাতে প্ৰভাৱ পেলাইছে ৷

ইফালে এইবাৰ লোকসভা নিৰ্বাচনক লৈ শোণিতপুৰ লোকসভা সমষ্টিত নিশ্চিত নহয় বৰ্তমানৰ সাংসদ পল্লৱলোচন দাসৰ প্ৰাৰ্থিত্ব ৷ পল্লৱলোচন দাসৰ ৰাজ্যৰ ৰাজনীতিলৈ প্ৰত্যাৱৰ্তন কৰাৰ মন । সেয়ে ৰাজ্যত মন্ত্ৰী হোৱাৰ মানসেৰে পুনৰবাৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ ইচ্ছা প্ৰকাশ কৰা নাই পল্লৱলোচনে ৷ একপ্ৰকাৰ ক’ব পাৰি যে বিজেপিয়ে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে এতিয়া তেজপুৰৰ ঠাইত শোণিতপুৰ হোৱা লোকসভা আসনখনত পল্লৱলোচন দাসৰ পৰিৱৰ্তে আন প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো প্ৰায় নিশ্চিত ।

ইফালে শোণিতপুৰ লোকসভা সমষ্টিত এইবাৰ বিজেপিয়ে নিজৰ প্ৰাৰ্থী নিদিয়াৰ সম্ভাৱনাই বেছি এই মুহূৰ্তলৈকে ৷ অগপক শোণিতপুৰ আসনখন বিজেপিয়ে এৰি দিব বুলি ব্যাপক চৰ্চা অব্যাহত আছে ৷ সমষ্টিটোত অসম গণ পৰিষদৰ এগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি ব্যাপক চৰ্চা আৰম্ভ হৈছে ৷ শোণিতপুৰৰ কোনো এজন বিধায়কক লোকসভালৈ পঠিয়াই সেই বিধানসভা সমষ্টিৰ পৰা পল্লৱলোচন দাসক জয়ী কৰাই অনাৰ সমীকৰণো চৰ্চিত হৈছে ৷ তাতেই উত্থাপন হৈছে মূল প্ৰশ্নটো ৷

শোণিতপুৰ জিলাৰ পৰা ইতিমধ্যে মন্ত্ৰী ৰূপে আছে অশোক সিংহল ৷ তেতিয়া পল্লৱলোচন দাস বিধায়ক নিৰ্বাচিত হ’ব পাৰিলেও মন্ত্ৰিত্বৰ দুৱাৰ খোল খাবনে তেওঁৰ ? অশোক সিংহলক বাদ দিবনে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ? এনে ৰাজনৈতিক পৰিস্থিতিত শোণিতপুৰ লোকসভা সমষ্টিত অশোক সিংহল আৰু পল্লৱলোচন দাসৰ ৰাজনৈতিক সংঘাতে লোকসভা নিৰ্বাচনৰ পূৰ্বে কি ৰূপ লয় সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক: বিপিএফক ৰুধিবলৈ চন্দন ব্ৰহ্মক আমদানি কৰিব নেকি বিজেপি মিত্ৰজোঁটে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.