ETV Bharat / state

বিপিএফক ৰুধিবলৈ চন্দন ব্ৰহ্মক আমদানি কৰিব নেকি বিজেপি মিত্ৰজোঁটে ?

author img

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 4:20 PM IST

লোকসভা নিৰ্বাচনত অসমত কাক ক’ত প্ৰাৰ্থিত্ব প্ৰদান কৰিব বিজেপি মিত্ৰজোঁটে ? সেই কথা এতিয়াও পৰিস্কাৰ হোৱা নাই যদিও বিজেপিয়ে নতুন অংক কৰিছে বড়োভূমিৰ আসনক লৈ ৷ হাগ্ৰামা মহিলাৰীৰ একালৰ সতীৰ্থ চন্দন ব্ৰহ্মক ইউ পি পি এলত যোগদান কৰোৱাই কোকৰাঝাৰৰ পৰা প্ৰক্ষেপ কৰিব পাৰে বিজেপি মিত্ৰজোঁটে ৷

Former BPF leader Chandan Brahma
Kokrajhar Parliamentary seat

চন্দন ব্ৰহ্ম হ’ব নেকি ইউ পি পি এলৰ লোকসভাৰ প্ৰাৰ্থী

বাক্সা, 28 নৱেম্বৰ: 2024 ত অনুষ্ঠিত হ’ব দেশৰ লোকসভা নিৰ্বাচন ৷ অহা 3 ডিচেম্বৰত ঘোষণা হ’ব মধ্যপ্ৰদেশ, ছত্তীশগড়, ৰাজস্থান, তেলেংগানা আৰু মিজোৰাম বিধানসভা নিৰ্বাচনৰ ফলাফল ৷ এই পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে প্ৰভাৱ পেলাব লোকসভা নিৰ্বাচনতো ৷ দেখা গৈছে যে লোকসভা নিৰ্বাচনৰ লক্ষ্য আগত ৰাখি ইতিমধ্যেই ৰাজনৈতিক দলসমূহে কুচকাৱাজ আৰম্ভ কৰিছে ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত কুৰিৰো অধিক বিৰোধী শক্তি লগহৈ গঠন কৰিছে মৰ্চা ৷ যাৰ নাম দিয়া হৈছে I.N.D.I.A. ৷ অসমতো প্ৰায় 15 টা বিৰোধী শক্তি মিলিত হৈছে লোকসভা নিৰ্বাচনৰ বাবে ৷ তৃতীয়বাৰলৈ ক্ষমতা দখলৰ লক্ষ্যৰে বিজেপিও নামি পৰিছে ৰণক্ষেত্ৰত ৷

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতিৰ কথা কিছু নিলগাই থৈ আহক এবাৰ জুমি চাও অসমৰ ৰাজনীতিৰ পথাৰখন ৷ পাহাৰৰ ৰাজনীতি, বাগানৰ ৰাজনীতি, বড়োভূমিৰ ৰাজনীতি, সংখ্যালঘু অধ্যুষিত চৰ-চাপৰিৰ ৰাজনীতি আদি প্ৰতিটোৰেই সংজ্ঞা সুকীয়া ৰাজনৈতিক দলৰ বাবে ৷ ইয়াৰ ভিতৰত শেহতীয়াকৈ চৰ্চা হৈছে বড়োভূমিৰ ৰাজনীতিক লৈ ৷ কিয়নো ক্ষমতাহীন হ’লেও এতিয়াও বড়োভূমিত প্ৰাসংগিক হৈ আছে হাগ্ৰামা মহিলাৰী ৷ যাৰ বাবে আওপকীয়াকৈ হ’লেও বিজেপিয়ে বিচাৰিছে হাগ্ৰামাৰ সহায় ৷

আপুনি যদি ৰাজনীতিৰ খবৰ ৰখা ব্যক্তি, তেন্তে মন কৰিলে দেখিব যে অতি শেহতীয়াভাৱে বড়োভূমিত যোগদানৰ ঢৌ উঠিছে ৷ বিজেপি, কংগ্ৰেছ, ইউপিপিএল এৰি বহু মানুহ বিপিএফৰ লগ লাগিছে ৷ একেদৰে বিপিএফ, কংগ্ৰেছ আদি এৰিও বহু লোক ইউ পি পি এললৈ আহিছে ৷ বিজেপি আৰু ইউ পি পি এলৰ মাজত আছে মিত্ৰতা ৷ পৃথক মাত্ৰ হাগ্ৰামা মহিলাৰীৰ বিপিএফ ৷

কিন্তু কিছুদিন আগেয়ে দিল্লীত হাগ্ৰামা মহিলাৰীয়ে বাহৰ পতা বিষয়টোক লৈ ব্যাপক চৰ্চা হৈছিল ৷ বিজেপিয়ে হয়তো বিচাৰিছিল যে বিপিএফে লোকসভাত সহায় কৰক NDA মিত্ৰজোঁটক ৷ কিন্তু হাগ্ৰামাৰ সৈতে হয়তো ছন্দ নিমিলিল বিজেপিৰ ৷ যাৰ বাবে তল পৰি ৰ’ল সেই বিষয়টো ৷

বড়োভূমিৰ অন্তৰ্গত দুটা লোকসভা সমষ্টি কোকৰাঝাৰ আৰু দৰং-ওদালগুৰিত বিপিএফে প্ৰাৰ্থী দিয়াটো নিশ্চিত ৷ বিজেপিয়ে মিত্ৰদল ইউ পি পি এলক এৰি দিব পাৰে মাত্ৰ এটা সমষ্টি ৷ যদি তেনে হয়, বিজেপিৰ বাবে বড়োভূমিত বিপিএফক প্ৰত্যাহ্বান জনোৱাটো সহজ নহ’ব ৷ 2020 চনৰ বিটিচি নিৰ্বাচনতে ইয়াৰ এক প্ৰমাণ আপোনালোকে দেখিছে ৷ কিন্তু বিজেপিয়ে জানো সহজেই এৰি দিব বিপিএফক ?

এইবাৰ বড়োভূমিত বিজয়ৰ বাবে বিজেপি মিত্ৰজোঁটে কৰিছে নতুন অংক ৷ একালৰ শক্তিশালী বিপিএফ নেতা চন্দন ব্ৰহ্মক হয়তো ইউ পি পি এললৈ আদৰণি জনাব পাৰে মিত্ৰজোঁটে ৷ সেইজন চন্দন ব্ৰহ্ম যি চিডলী সমষ্টিৰ পৰা তিনিবাৰকৈ বিপিএফৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ৷ 2011 চনত কংগ্ৰেছৰ চৰকাৰত আৰু 2016 চনত বিজেপি চৰকাৰৰ দিনত তেওঁ মন্ত্ৰীও আছিল ৷ কিন্তু 2021 চনৰ নিৰ্বাচনত যেতিয়া বিজেপিয়ে বিপিএফৰ সংগ এৰি ইউ পি পি এলৰ সৈতে মিত্ৰতা কৰে, সেইবাৰ ইউ পি পি এলৰ জয়ন্ত বসুমতাৰীৰ হাতত চন্দন ব্ৰহ্ম পৰাস্ত হয় ৷ তাৰ অলপ দিন পিচতেই বিপিএফ ত্যাগ কৰে চন্দন ব্ৰহ্মই ৷

কিছুদিন পূৰ্বে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে সাংবাদিকৰ আগত মুকলিকৈ মন্তব্য কৰিছিল যে কোন চন্দন ব্ৰহ্ম তেওঁ চিনি নাপায় ৷ হাগ্ৰামাৰ এই মন্তব্যই যেন বিজেপি মিত্ৰজোঁটৰ বাবে প্ৰ’টিন হিচাপে কাম কৰিলে ৷ শেহতীয়া খবৰ অনুসৰি ইউ পি পি এলত যোগদানৰ বাবে কথা-বতৰা চলিছে চন্দন ব্ৰহ্মৰ সৈতে ৷ যদি চন্দন ব্ৰহ্মই ইউ পি পি এলত যোগ দিয়ে তেন্তে তেওঁ হ’ব পাৰে কোকৰাঝাৰ সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৷ কিয়নো কোকৰাঝাৰ সমষ্টি বিজেপিয়ে ইউ পি পি এলক এৰি দিব বুলি চৰ্চা চলিছে ৷ চন্দন ব্ৰহ্মই ইউ পি পি এলৰ হৈ লোকসভা নিৰ্বাচনত থিয় দিলে বিপিএফৰ বাবে প্ৰত্যাহ্বান হৈ পৰিব কোকৰাঝাৰত জয়ী হোৱাটো ৷

মঙলবাৰে বাক্সাৰ এখন সভাত ইউ পি পি এলৰ মুৰব্বী তথা বিটিচি প্ৰধান প্ৰমোদ বড়োৱে মন্তব্য কৰিছে যে হাগ্ৰামা মহিলাৰীৰ কথাই চন্দন ব্ৰহ্মৰ মনত দুখ দিছে ৷ অৱশ্যে কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা দলে কাক প্ৰক্ষেপ কৰিব সেই বিষয়ে এতিয়াও সিদ্ধান্ত লোৱা নাই বুলি কয় প্ৰমোদ বড়োৱে ৷ কিন্তু হঠাৎ চন্দন ব্ৰহ্মৰ প্ৰতি সদয় হৈ পৰা প্ৰমোদ বড়োৰ ভাষ্যই এই কথাৰ উমান দিছে যে বিপিএফক ৰুধিবলৈ বা বিজেপি মিত্ৰজোঁটৰ 12+ ৰ অভিযান সফল কৰিবলৈ তেওঁলোকে চন্দন ব্ৰহ্মক প্ৰক্ষেপ কৰাৰ সম্ভাৱনাই অধিক ৷

লগতে পঢ়ক: অসমৰ সৰ্বত্ৰে এতিয়া ছিণ্ডিকেটৰাজ চলা বুলি অভিযোগ প্ৰদেশ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.