ETV Bharat / state

তিনিচুকীয়াৰ নিচামুক্তি কেন্দ্ৰত কি চলিছে ? ভুক্তভোগীৰ বিস্ফোৰক অভিযোগ - Rehabilitation cente in Tinsukia

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 5:46 PM IST

Allegation against rehabilitation cente : নিচামুক্তি কেন্দ্ৰত যুৱকক নিৰ্মম অত্যাচাৰ চলোৱাৰ অভিযোগ ৷ যুৱকক চিকিৎসাৰ বাবদ ভুৱাকৈ পৰিয়ালৰ পৰা বুজন পৰিমাণৰ ধন বিচৰাৰ অভিযোগে উত্থাপিত হৈছে ৷

Allegation against rehabilitation cente
নিচামুক্তি কেন্দ্ৰৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ (ETV Bharat Assam)

তিনিচুকীয়া, ২৬ মে’ : ‘‘ৰাতি মোক শুবলৈ দি তিনি-চাৰিজন মানুহে মুখত সোপা দি বহুত মাৰিলে ৷ ডাঙৰ-ডাঙৰ পাইপ লৈ মাৰিছিল ৷ মই ‘মা মা’কৈ চিঞৰিছিলোঁ ৷ মা মোক বচা, দেউতা মোক বচা বুলি চিঞৰিছিলোঁ ৷ তেওঁলোকৰ ভৰিয়েই হাতে-হাতে ধৰাৰ পিছতো মোক এৰি নিদিলে ৷’’- এয়া পুনৰ সংস্থাপন কেন্দ্ৰত ভৰ্তি হোৱা এগৰাকী যুৱকৰ বিস্ফোৰক মন্তব্য ৷

নিচামুক্তি কেন্দ্ৰৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ (ETV Bharat Assam)

বিস্ফোৰক অভিযোগটো উত্থাপন কৰিছে তিনিচুকীয়াৰ এগৰাকীক নিচাসক্ত যুৱকে ৷ তিনিচুকীয়াৰ হিজুগুৰিস্থিত এটা নিচামুক্তি কেন্দ্ৰৰ বিৰুদ্ধে উঠিছে এই গুৰুতৰ অভিযোগ ৷ কেৱল ইমানেই নহয়, নিচামুক্তি কেন্দ্ৰটোৰ বিৰুদ্ধে ধনদাবীৰো অভিযোগ উত্থাপন কৰিছে যুৱকজনৰ পিতৃয়ে ৷

উল্লেখ্য যে তিনিচুকীয়াৰ অলিয়ে-গলিয়ে গঢ় লৈ উঠিছে ইটোৰ পিছত সিটো নিচামুক্তি কেন্দ্ৰ ৷ তেনে একাংশ কেন্দ্ৰৰ বিৰুদ্ধে বিভিন্ন সময়ত উত্থাপিত হৈ আহিছে বিভিন্ন গুৰুতৰ অভিযোগ ৷ এইবাৰ অভিযোগ উত্থাপিত হৈছে হিজুগুৰিস্থিত নিচামুক্তি কেন্দ্ৰটোৰ বিৰুদ্ধে ৷

অভিযোগ অনুসৰি নিচামুক্তি কেন্দ্ৰটোত বহু শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱাৰ লগতে দাবী কৰে বৃহৎ পৰিমাণৰ ধন ৷ যুৱকজনৰ পিতৃৰ অভিযোগ অনুসৰি নিজ পুত্ৰক কেন্দ্ৰটোত ৰখাৰ সময়ত চিকিৎসাৰ বাবে ২৫ হাজাৰ টকা বিচাৰিছিল নিচামুক্তি কেন্দ্ৰটোৰ ফালৰ পৰা ৷ প্ৰথম অৱস্থাত ৮ হাজাৰ টকা লোকজনে দিয়ে যদিও কোনো চিকিৎসা নকৰালে পুত্ৰক, কিন্তু তাৰ বিপৰীতে বাকী ১৮ হাজাৰ টকা বৰ্তমান বিচাৰি আছে ৷

নিচামুক্তি কেন্দ্ৰটোত ভৰ্তি হোৱা যুৱকজনে উত্থাপন কৰিছে আন বহুকেইটা বিস্ফোৰক অভিযোগ ৷ অভিযোগ অনুসৰি নিচামুক্তি কেন্দ্ৰটোত বিড়ি, ধপাত, চিগাৰেট আদিও সেৱন কৰিবলৈ দিয়া হয় ৷ তদুপৰি কেন্দ্ৰটোৰ সদস্যসকলো নিচাসক্ত অৱস্থাত থাকে ৷

এনেবোৰ কাৰণতে উক্ত যুৱকজনৰ লগতে আন দুজন যুৱকে নিচামুক্তি কেন্দ্ৰটোৰ পৰা পলায়ন কৰি পৰিয়ালৰ জৰিয়তে আৰক্ষীৰ কাষ চাপিছে ৷ অভিযুক্তই জানিবলৈ দিয়া অনুসৰি হিজুগুৰিস্থিত নিচামুক্তি কেন্দ্ৰটোৰ স্বত্বাধিকাৰী দিব্যপ্ৰতীম দাস আৰু হৰেশ বৰুৱা ৷

পৰৱৰ্তী সময়ত আৰক্ষীয়ে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব ৷

লগতে পঢ়ক: নিচামুক্তি কেন্দ্ৰৰ বিৰুদ্ধে সোচ্ছাৰ হিউমিনিটি ফাউণ্ডেচন : কোনো কেন্দ্ৰই মানি চলা নাই চৰকাৰী এছ অ’ পি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.