New born baby deadbody recovered: নগাঁৱত জাৱৰৰ দমত উদ্ধাৰ মৃত নৱজাতক

By

Published : Aug 3, 2023, 3:16 PM IST

thumbnail

নগাঁও, 3 আগষ্ট : জীৱশ্ৰেষ্ঠ মানৱৰ নিকৃষ্ট কাণ্ড ৷  নগাঁৱত পুনৰ ভূলুণ্ঠিত হ'ল মানৱতা ৷ বৃহস্পতিবাৰে পুৱাই নগাঁও চহৰত জাৱৰৰ দমত উদ্ধাৰ কৰা হৈছে এটা মৃত নৱজাতক ৷ নগাঁও চহৰৰ ২ নং মোল্লাপট্টিত পুৱাই জাৱৰৰ দমত নৱজাতক এটিৰ মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷ লগে লগে স্থানীয় লোকে আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে ৷ 

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃত নৱজাতকটিক উদ্ধাৰ কৰে ৷ কোনো পাষণ্ডই নিজৰ কলংক ঢাকিবলৈ মৃত নৱজাতকটি পথৰ দাঁতিৰ জাৱৰৰ দমত পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে ৷ এই ঘটনাত তীব্ৰ ভাষাৰে গৰিহনা দিয়ে স্থানীয় লোকসকলে ৷  

লগতে পঢ়ক: Sexual harassment case : যুৱতীক যৌন নিৰ্যাতন চলাই ৰঙা ঘৰৰ আলহী ফাৰ্মাচিষ্ট

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.