Sexual harassment case : যুৱতীক যৌন নিৰ্যাতন চলাই ৰঙা ঘৰৰ আলহী ফাৰ্মাচিষ্ট

By

Published : Aug 3, 2023, 1:38 PM IST

thumbnail

গহপুৰ, ৩ আগষ্ট : ৰাজ্যৰ বিভিন্ন প্ৰান্তত হত্যা, হিংসা, যৌন নিৰ্যাতন আদিৰ বাতৰিয়ে শিৰোনাম দখল কৰি আহিছে । সঘনাই যৌন নিৰ্যাতনৰ বলি হৈছে বহু মহিলা-যুৱতী । এনে সময়তে গহপুৰৰ ডফলাগড়ৰ নেপালী পত্তীত পোহৰলৈ আহিছে এক যৌন নিৰ্যাতনৰ ঘটনা । ইতিমধ্যে যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত এগৰাকী ফাৰ্মাচিষ্টক আটক কৰিছে ঘাঁহিগাঁও আৰক্ষীয়ে ।

স্থানীয় লোকে উল্লেখ কৰা মতে, এগৰাকী যুৱতীয়ে জ্বৰ আৰু গাৰ বিষ হোৱাত নেচাৰ আলম নামৰ ফাৰ্মাচীলৈ যায় ৷ তাতে যুৱতীগৰাকীক শাৰীৰিক অসুস্থতাৰ পৰীক্ষা কৰা বিপৰীতে শৰীৰৰ বিভিন্ন স্থানৰ লগতে গুপ্তাংগত স্পৰ্শ কৰি যৌন আতিশয্য চলোৱাৰ অভিযোগ উত্থাপন হৈছে ।

তাৰ পাচতে ভুক্তভোগী যুৱতীগৰাকীয়ে ঘটনা সংক্ৰান্তত ঘাহিগাঁও আৰক্ষী চকীত দাখিল কৰে এক এজাহাৰ । ভুক্তভোগী যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত কৰি বুধবাৰে সন্ধিয়া আটক কৰিছে নেচাৰ আলম নামৰ অভিযুক্ত ফাৰ্মাচিষ্টগৰাকীক ।

লগতে পঢ়ক : Attempt to rape: প্ৰথমে অপহৰণ; তাৰ পাচত ধৰ্ষণৰ অপচেষ্টা নাবালিকাক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.