Attempt to rape: প্ৰথমে অপহৰণ; তাৰ পাচত ধৰ্ষণৰ অপচেষ্টা নাবালিকাক

By

Published : Jul 24, 2023, 11:01 AM IST

thumbnail

নাহৰকটীয়া, 24 জুলাই : নাহৰকটীয়াৰ তৰাজান চাহ বাগিছাত সংঘটিত হৈছে এক জঘন্য ঘটনা ৷ এগৰাকী 10 বছৰীয়া কিশোৰীক ধৰ্ষণৰ অপচেষ্টা দুৰ্বৃত্তৰ ৷ দেওবাৰে বিয়লি সংঘটিত হয় এই জঘন্য ঘটনা ৷  

এগৰাকী কিশোৰীক এজন লোকে অপহৰণ কৰি তৰাজান অঞ্চলত ধৰ্ষণৰ চেষ্টা চলোৱাৰ লগতে কিশোৰী গৰাকীৰ মুখমণ্ডল আৰু শৰীৰত প্ৰচণ্ড আঘাত কৰি বস্তাত ভৰাই হত্যাৰ চেষ্টা চলায় ৷ পাছত স্থানীয় ৰাইজে ঘটনাটো প্ৰত্যক্ষ কৰাত দুৰ্বৃত্তটোৱে মুমূৰ্ষ অৱস্থাত কিশোৰীগৰাকীক এৰি পলায়ন কৰে ৷  

পৰৱৰ্তী সময়ত জয়পুৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ কিশোৰীগৰাকীক উদ্ধাৰ কৰি নিশাই নাহৰকটীয়াৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ৷ ইয়াৰ পিছতেই কিশোৰীগৰাকীৰ পৰিয়ালয়ৰ লোক আৰু দুলীয়াজান আৰক্ষীৰ এটা দল নিশাই নাহৰকটীয়াত উপস্থিত হৈ কিশোৰীগৰাকীক নিজ ঘৰলৈ লৈ যায় ৷ ইতিমধ্যে এই ঘটনা সংঘটিত কৰা অভিযুক্তক বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে ৷ পৰিয়ালৰ লোক তথা ৰাইজে অতি শীঘ্ৰেই অভিযুক্তটোক গ্ৰেপ্তাৰ কৰি কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনাইছে ৷

লগতে পঢ়ক : Guwahati Accident: গুৱাহাটীৰ ৰাজপথৰ উন্মুক্ত গাঁতে পুনৰ প্ৰাণ কাঢ়িলে আন এজন ছাত্ৰৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.