ETV Bharat / state

Guwahati Accident: গুৱাহাটীৰ ৰাজপথৰ উন্মুক্ত গাঁতে পুনৰ প্ৰাণ কাঢ়িলে আন এজন ছাত্ৰৰ

author img

By

Published : Jul 23, 2023, 9:31 PM IST

গুৱাহাটীৰ ৰাজপথৰ উন্মুক্ত গাতে পুনৰ প্ৰাণ কাঢ়িলে আন এজন ছাত্ৰৰ ৷ এইবাৰ এগৰাকী অভিযন্তা ছাত্ৰৰ মৃত্যুৰ ঘটনাই সৰ্বত্ৰে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়া ৷ গেছৰ পাইপ পুতিবলৈ খন্দা গাঁতত পৰি কৰুণ মৃত্যুক সাৱটি ল’লে মঠঘৰীয়া প্ৰগতি নগৰৰ সৌৰভ দাস নামৰ এজন ছাত্ৰই ৷

Guwahati Accident
গুৱাহাটীৰ ৰাজপথৰ উন্মুক্ত গাঁতে পুনৰ প্ৰাণ কাঢ়িলে আন এজন ছাত্ৰৰ

গুৱাহাটীৰ ৰাজপথৰ উন্মুক্ত গাঁতে পুনৰ প্ৰাণ কাঢ়িলে আন এজন ছাত্ৰৰ

গুৱাহাটী, ২৩ জুলাই: গুৱাহাটীৰ ৰাজপথৰ উন্মুক্ত গাঁতে পুনৰ প্ৰাণ কাঢ়িলে আন এজন ছাত্ৰৰ ৷ 8 জুনত পথৰ থকা প্ৰকাণ্ড গাঁতৰ বাবে মেধাবী ছাত্ৰী প্ৰিয়া কুমাৰীৰ মৃত্যু হোৱা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ অনুৰূপ ঘটনা ৷ এইবাৰ এগৰাকী অভিযন্তা ছাত্ৰৰ মৃত্যুৰ ঘটনাই সৰ্বত্ৰে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ প্ৰশাসনৰ নিৰ্দেশনাক অমান্য কৰি উন্নয়নৰ নামত ৰাস্তাত গাঁত খান্দি তহলিং কৰা একাংশ প্ৰতিষ্ঠানৰ অবিবেচকী কাণ্ডৰ বাবে সংঘটিত হ’ল আন এক ভয়ংকৰ পথ দুৰ্ঘটনা ।

গেছৰ পাইপ পুতিবলৈ খন্দা গাঁতত পৰি কৰুণ মৃত্যুক সাৱটি ল’লে ২ নং মঠঘৰীয়া প্ৰগতি নগৰৰ সৌৰভ দাস নামৰ এজন ছাত্ৰই ৷ যোৱা বছৰ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা অভিযন্তাৰ স্নাতক পাঠ্যক্ৰম সমাপ্ত কৰি ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰি আছিল সৌৰভ দাসে । এই শোকাবহ ঘটনা সংঘটিত হৈছিল ১৪ জুলাইত ৷ উক্ত দিনা সম্পৰ্কীয় লোকৰ জন্মদিনৰ বাবে উপহাৰ আনিবলৈ ঘৰৰ পৰা মটৰ চাইকেলেৰে ওলাই গৈছিল জু-ৰোড অভিমুখে ।

জু-ৰোডৰ পৰা জন্মদিনৰ উপহাৰ সামগ্ৰী ক্ৰয় কৰি ঘৰ অভিমুখী আহি থকা সময়তে নিশা প্ৰায় ১১.৩০ বজাত মঠঘৰীয়া গেট হস্পিতালৰ সমীপত থকা এটা উন্মুক্ত গাঁতত পৰি যায় । লগে লগে ঘটনা স্থলীত উপস্থিত হোৱা স্থানীয় লোকে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সৌৰভক চিকিৎসালয়ত ভৰ্তি কৰাইছিল ৷ সৌৰভক গেট হস্পিতালত ভৰ্তি কৰায় যদিও যুৱকজনৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ততাতয়াকৈ ছয় মাইল স্থিত জি এন আৰ চি হাস্পতালত ভৰ্তি কৰোৱা হয় ।

যোৱা ৯ দিন ধৰি চিকিৎসালয়ত জীৱন মৃত্যুৰ সৈতে যুঁজি অৱশেষত দেওবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে অভিযন্তা ছাত্ৰ সৌৰভ দাসে ৷ সৌৰভ দাসৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰিছে ।

মন কৰিবলগীয়া কথা মেধাবী ছাত্ৰী প্ৰিয়া কুমাৰীৰ মৃত্যুৰ পিচত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কামৰূপ জিলা আয়ুক্তক ৰাস্তাত থকা উন্মুক্ত গাঁতসমূহ পুতিবলৈ নিৰ্দেশ দিছিল । কিন্তু পৰৱৰ্তী সময়ত কামৰূপ জিলাৰ উপযুক্তৰ এই নিৰ্দেশ অমান্য কৰি ভাৰতী গেছ লিমিটেড নামৰ ঠিকাদাৰী প্ৰতিষ্ঠাটোৱে গেছৰ পাইপ পুতিবলৈ খন্দা প্ৰকাণ্ড গাঁতত পৰি এগৰাকী মেধাবী ছাত্ৰই প্ৰাণ হেৰুৱা লগা হ’ল ৷

লগতে পঢ়ক:Reshuffle of Assam administration: ৰাজ্যৰ প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.