ETV Bharat / state

Reshuffle of Assam administration: ৰাজ্যৰ প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল

author img

By

Published : Jul 23, 2023, 4:29 PM IST

ৰাজ্য চৰকাৰে এক নিৰ্দেশমৰ্মে ৰাজ্যৰ প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ৰ কেইবাগৰাকী আই এ এছ আৰু এ চি এছ বিষয়াৰ ৰদ-বদল কৰা হৈছে।

reshuffles at the top level of the state administration
ৰাজ্যৰ প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত ৰদ-বদল

গুৱাহাটী, ২৩ জুলাই: ৰাজ্য চৰকাৰে এক নিৰ্দেশ যোগে ৰাজ্যৰ প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত কিছু সাল-সলনি ঘটাইছে। কেইবাগৰাকী আই এ এছ আৰু এ চি এছ বিষয়াৰ ৰদ-বদল কৰা হৈছে।

সেই অনুসৰি ডিব্ৰুগড় জিলাৰ জিলা আয়ুক্ত বিশ্বজিত পেগুক অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব হিচাবে বদলি কৰা হৈছে। কোকৰাঝাৰ জিলাৰ জিলা আয়ুক্ত তথা বড়োলেণ্ড প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰশিক্ষণৰ সঞ্চালক তথা বি টি আৰৰ সচিব বৰ্ণালী ডেকাক নলবাৰী জিলাৰ জিলা আয়ুক্ত হিচাবে বদলি কৰা হৈছে। সেইদৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত তথা স্বচ্ছ ভাৰত মিছনৰ (গ্ৰামীন) পৰিচালন সঞ্চালক বিক্ৰম কৈৰীক ডিব্ৰুগড় জিলাৰ জিলা আয়ুক্ত হিচাবে বদলি কৰা হৈছে।

reshuffles at the top level of the state administration
ৰাজ্যৰ প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত ৰদ-বদল

বজালী জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদীক কোকৰাঝাৰ জিলাৰ জিলা আয়ুক্ত হিচাবে বদলি কৰাৰ লগতে বড়োলেণ্ড প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰশিক্ষণৰ সঞ্চালক তথা বি টি আৰৰ সচিব হিচাপে অতিৰিক্ত দায়িত্ব দিয়া হৈছে। বিশ্বনাথৰ অতিৰিক্ত জিলা আয়ুক্ত জয় শিবানীক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত হিচাপে বদলি কৰাৰ লগতে স্বচ্ছ ভাৰত মিছনৰ (গ্ৰামীন) পৰিচালন সঞ্চালক হিচাপে অতিৰিক্ত দায়িত্ব দিয়া হৈছে।

বোকাখাটৰ অতিৰিক্ত জিলা আয়ুক্ত নেহা যাদৱক বিশ্বনাথৰ অতিৰিক্ত জিলা আয়ুক্ত হিচাবে বদলি কৰা হৈছে। নলবাৰী জিলাৰ জিলা আয়ুক্ত গীতিমণি ফুকনক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অতিৰিক্ত সচিব হিচাবে বদলি কৰাৰ লগতে জল জীৱন মিছনৰ অতিৰিক্ত মিছন সঞ্চালক হিচাবে দায়িত্ব দিয়া হৈছে ।

সেইদৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যুটীয়া সচিব তথা জল জীৱন মিছনৰ অতিৰিক্ত মিছন সঞ্চালক মৃদুল কুমাৰ দাসক বজালিৰ অতিৰিক্ত জিলা আয়ুক্ত হিচাবে বদলি কৰা হৈছে। ছয়গৰাকীকৈ আই এ এছ আৰু দুগৰাকী এ চি এছ বিষয়াৰ ৰদ-বদল কৰা হৈছে।

লগতে পঢ়ক: Turbulent Manipur: দুৰ্বৃত্তই জীৱন্তে জ্বলালে মুক্তিযোদ্ধাৰ ৮০ বছৰীয়া পত্নীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.