MP Abdul Khaleque: বিজেপিয়ে ঘৃণাৰ ৰাজনীতি কৰে, বিদ্বেষৰ ৰাজনীতি কৰে; আব্দুল খালেক

By

Published : May 17, 2023, 10:27 PM IST

thumbnail

বৰপেটা, 17 মে’: অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মুখত জয় শ্ৰীৰাম আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৰাম ৰাজ্যৰ প্ৰতি সমৰ্থন সাংসদ আব্দুল খালেকৰ ৷ ইউ ডি এফে বিজেপি বিৰোধী নীতি সুস্পষ্ট কৰিলেহে পৰৱৰ্তী লোকসভা নিৰ্বাচনত বিজেপি বিৰোধী মহাজোঁটত থাকিব পাৰিব বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে ( MP Abdul Khaleque Slams BJP and AIUDF) ৷  

বুধবাৰে কলগাছিয়াৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় ইকৰা মডাৰ্ণ স্কুলৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত সাংসদ আব্দুল খালেকে কয় যে, মহাত্মা গান্ধীয়ে প্ৰথম ৰামৰাজ্যৰ দাবী কৰিছিল আৰু সেই ৰাম ৰাজ্যৰ ধাৰণা আছিল হিন্দু -মুছলমান ,জৈন, খ্ৰীষ্টান সকলোৰ মাজত শান্তি-সম্প্ৰীতি আৰু মিলাপ্ৰীতিৰ সেতু মজবুত কৰা ৷ কিন্তু RSS , BJP, বজৰং দলে প্ৰকৃত ৰামৰাজ্যৰ ধাৰণাক নস্যাৎ কৰি হিংসাৰ বীজ ৰোপন কৰি হিন্দু-মুছলমানৰ মাজত সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে (MP Abdul Khaleque Slams BJP) ৷  

ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়াই বিচৰা ৰাম ৰাজ্য মহাত্মা গান্ধীয়ে দিয়া ৰামৰাজ্যৰ ধাৰণা ৷ সেই ৰামৰাজ্যক সমৰ্থন কৰে বুলিও মন্তব্য কৰে সাংসদ খালেকে ৷ 2024 ত অনুষ্ঠিত হ’ব লগীয়া লোকসভা নিৰ্বাচনত বিজেপি বিৰোধী মহাজোঁটত ইউ ডি এফ অংশীদাৰ হ’ব নে নাই সোধা এক প্ৰশ্নৰ উত্তৰত সাংসদ খালেকে কয় যে, আজিৰ দিনলৈকে ইউ ডি এফৰ সাংসদ, বিধায়কৰ মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰশংসাহে শুনিবলৈ পোৱা যায় (Congress MP Abdul Khaleque) ৷ বিজেপিৰ লগত এ আই ইউ ডি এফৰ ঘনিষ্ঠতা আছে বুলিও মন্তব্য কৰে তেওঁ ৷ ইউ ডি এফে আগত বিজেপি বিৰোধী স্থিতি স্পষ্ট কৰক তেতিয়াহে কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটত অংশগ্ৰহণৰ কথা কোৱা সমিচীন হ’ব বুলিও কয় তেওঁ (MP Abdul Khaleque Slams AIUDF) ৷

লগতে পঢ়ক: Debabrata Saikia slams BJP : এইবাৰ ৰামৰাজ্য গঢ়াৰ সংকল্প কংগ্ৰেছৰ: দেৱব্ৰত শইকীয়া

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.