ETV Bharat / state

Debabrata Saikia slams BJP : এইবাৰ ৰামৰাজ্য গঢ়াৰ সংকল্প কংগ্ৰেছৰ: দেৱব্ৰত শইকীয়া

author img

By

Published : May 17, 2023, 2:13 PM IST

Debabrata Saikia slams BJP
বিজেপি চৰকাৰক সমালোচনা দেৱব্ৰত শইকীয়াৰ

এইবাৰ ৰামৰাজ্য গঢ়াৰ সংকল্প কংগ্ৰেছৰ ৷ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ বিজেপিক কঠোৰ ভাষাৰে সমালোচনা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই (Debabrata Saikia slams BJP) ৷

বিজেপি চৰকাৰক সমালোচনা দেৱব্ৰত শইকীয়াৰ

গুৱাহাটী, 17 মে' : ‘‘বিজেপিয়ে এতিয়া আৰু কংগ্ৰেছ মুক্ত ভাৰত বুলি কোৱাটো উচিত নহয় । কিবা ক'লে ভাবি-চিন্তি কোৱা উচিত । অন্যথা লাজত পৰিব ৷’’ বুধবাৰে এই মন্তব্য কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ লগতে ৰাজ্যত বৰ্তমান কেইখন ৰাজ্যত বিজেপি চৰকাৰ আছে বুলিও সংবাদ মাধ্যমৰ আগত প্ৰশ্ন উত্থাপন কৰে (Debabrata Saikia slams BJP) ।

বিজেপি বিৰোধী শক্তি আগন্তুক সময়ত আৰু অধিক শক্তিশালী হ'ব বুলি মন্তব্য কৰি কৰ্ণাটকৰ নিৰ্বাচনী ফলাফল সন্দৰ্ভত বিজেপিক কটাক্ষ কৰে বিৰোধী দলপতিগৰাকীয়ে । তেওঁ লগতে কয় যে কৰ্ণাটকৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে কংগ্ৰেছে বজৰংবলীক অপমান কৰিছে বুলি কৈছিল । কিন্তু ইয়াৰ পাচতো বজৰং দলক নিষিদ্ধ কৰিম বুলি কোৱা কংগ্ৰেছক কৰ্ণাটকৰ হিন্দু ভোটদাতাই কিয় কংগ্ৰেছ দলটোক জয়ী কৰালে বুলি প্ৰশ্ন উত্থাপন কৰে বিৰোধী দলপতিগৰাকীয়ে ৷ লগতে কথাখিনি বিজেপিয়ে অনুধাৱন কৰাৰ প্ৰয়োজনীয়তা আছে বুলিও কয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই (Debabrata Saikia on Karnataka election 2023)।

বিজেপিৰ একাংশ নেতাৰ মন্তব্যক তীব্ৰ সমালোচনা কৰি শইকীয়াই কয় যে বিজেপিয়ে কৰা সংখ্যালঘু ৰাজনীতি ভোটাৰ ৰাইজে বুলি পাইছে । সেয়ে বিজেপিয়ে এতিয়া অযুক্তিকৰ মন্তব্য দিবলৈ চেষ্টা কৰিছে । অসমৰ একাংশ বিধায়কে অধিক জপিয়াইছে বুলি মন্তব্য কৰি তেওঁ কয় যে বিজেপিয়ে বজৰংবলীক অৰ্থাৎ হনুমানক কংগ্ৰেছে অপমান কৰিছে বুলি অভিযোগ তোলাৰ পিচতো কিন্তু কৰ্ণাটক এখন হিন্দু সংখ্যাগৰিষ্ঠ ৰাজ্য হোৱাৰ পিচতো তাত কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে ।

ইয়াৰোপৰি, বিৰোধী দলপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিৰ্বাচনী বিধি উলংঘা কৰাৰো অভিযোগ উত্থাপন কৰে । আনহাতে বজৰংবলীৰ প্ৰসংগ পুনৰ উত্থাপন কৰি বজৰংবলীয়ে কংগ্ৰেছ দলক সহায় কৰিছে বুলিও কয় । ভৱিষ্যতেও ৰামে কংগ্ৰেছক সহায় কৰিব বুলি শইকীয়াই আশা প্ৰকাশ কৰে । সেয়ে এইবাৰ ৰামৰাজ্য গঢ়াৰ সংকল্প লৈছে অসম কংগ্ৰেছে (Debabrata Saikia slams Modi) ।

তেওঁ কয় যে ৰাৱণৰ ৰাজ্য আঁতৰাই কংগ্ৰেছৰ নেতৃত্বত গঢ়া হ’ব ৰামৰাজ্য । জয় শ্ৰীৰাম ধ্বনিৰো প্ৰাসংগিকতা আছে বুলি উল্লেখ কৰি তেওঁ কয় যে মহাপুৰুষজনাৰ আদৰ্শৰে আমি শ্ল'গান দিম । দামবৃদ্ধি, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, 16 মে’ আদি বিভিন্ন প্ৰসংগ উত্থাপনৰে থকা-সৰকা কৰা পৰিলক্ষিত হয় (Debabrata Saikia critisises BJP govt) ৷

লগতে পঢ়ক : Sarita Toshniwal case verdict : সৰিতা হত্যাকাণ্ডত দোষী সাব্যস্ত কিৰু মেছ; দোষমুক্ত দীপমণি শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.