MLA Sashi Kanta Das: ৰহাক উপ-জিলা ঘোষণাৰ পাছতে উৎফুল্লিত বিধায়ক শশীকান্ত দাস

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 6:32 PM IST

thumbnail

ৰহা, 26 আগষ্ট: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কাৰ্যকালৰ 100 তম কেবিনেটৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ’ল ৰাজ্যত 81খন উপ-জিলা গঠন কৰা ৷ ইয়াৰ ভিতৰত আছে ৰহা ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে ৷  

হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ এই সিদ্ধান্তক আদৰণি জনাই উৎফুল্লিত হৈ পৰিছে বিধায়কগৰাকী ৷ তেওঁ কয় যে এয়া চৰকাৰৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ ৰহাক উপ-জিলা কৰাৰ ফলত ৰহাৰ ৰাইজৰ যথেষ্ট সুবিধা হ’ব ৷ পূৰ্বে ৰাইজে নিজৰ কাম-কাজৰ বাবে নগাঁৱৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে এতিয়াৰে পৰা নিজ সমষ্টিতে ৰাইজে প্ৰশাসনিক কাম-কাজৰ সুবিধা লাভ কৰিব পাৰিব ৷ ৰহা সমষ্টিৰ সৰ্বস্তৰৰ ৰাইজে কেবিনেটৰ এই সিদ্ধান্তক আদৰণি জনাইছে বুলিও বিধায়কগৰাকীয়ে উল্লেখ কৰে ৷  

লগতে পঢ়ক: Assam cabinet decision: ৰাজ্যত নতুন ৪ খন জিলা সংযোজন; ২৪ টা মহকুমা বিলুপ্ত কৰি ৮১ খন উপ-জিলা গঠন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.