ETV Bharat / state

Assam cabinet decision: ৰাজ্যত নতুন ৪ খন জিলা সংযোজন; ২৪ টা মহকুমা বিলুপ্ত কৰি ৮১ খন উপ-জিলা গঠন

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 10:40 PM IST

Assam cabinet decision
Assam cabinet decision

হিমন্ত বিশ্ব শৰ্মাৰ 100 সংখ্যক কেবিনেট বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ পূৰ্বে বিলুপ্তি কৰা চাৰিখন জিলাক পুনৰ জিলাৰ মৰ্যাদা প্ৰদান কৰা হয় ৷ লগতে উপ-জিলা আৰু সদৰ উপ-জিলা গঠন কৰা হয় ৷

অসমৰ ২৪ টা মহকুমা বিলুপ্ত কৰি ৮১ খন উপ-জিলা গঠন

গুৱাহাটী, 25 আগষ্ট: গুৱাহাটীত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত চাৰিখন নতুন জিলা গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ হোজাই, বিশ্বনাথ, তামুলপুৰ আৰু বজালী চাৰিখন জিলা গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বিন্নাকান্দি, লামডিং আৰু হোজাই বিধানসভা সমষ্টিক লৈ হোজাই জিলা গঠন কৰা হয় ।

আকৌ বিশ্বনাথ, গহপুৰ, বিহালী বিধানসভা সমষ্টিক লৈ বিশ্বনাথ জিলা গঠন কৰা হয় । আনহাতে তামুলপুৰ আৰু গোৰেশ্বৰ বিধানসভা সমষ্টিক লৈ তামুলপুৰ জিলা গঠন কৰা হয় । ইপিনে বজালী আৰু ভৱানীপুৰ -সৰভোগ বিধানসভা সমষ্টিক লৈ বজালী জিলা গঠন কৰা হয় ।

ইফালে কেবিনেটত অসমৰ 24 টা মহকুমা আজি বিলুপ্তি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ তাৰ বিপৰীতে 81 খন উপ জিলা গঠন কৰা হয় । উপ-জিলাত অতিৰিক্ত উপায়ুক্ত থাকিব আৰু লগতে থাকিব মহকুমাধিপতি ৷ সদৰ উপ-জিলা গঠন কৰা হ’ব । সদৰ উপ-জিলাসমূহ সংশ্লিষ্ট জিলাখনৰ জিলা আয়ুক্তৰ নিৰীক্ষণত থাকিব ।

এই নতুন জিলা, উপ-জিলা আৰু সদৰ উপ-জিলাসমূহৰ কাম অহা 1 জানুৱাৰীৰ পৰা কাম আৰম্ভ হ'ব ।‌ এই নতুন জিলা, উপ-জিলা আৰু সদৰ উপ-জিলাসমূহ গঠনৰ অধিসূচনা অহা তিনিদিনৰ ভিতৰত প্ৰকাশ কৰা হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত সদৰী কৰিছে ৷

এই নতুন জিলা, উপ-জিলা আৰু সদৰ উপ-জিলাসমূহ গঠন কৰা হ’ব যদিও কোনো পদ সৃষ্টি কৰা নহয় । কিন্তু কিছুমান পদৰ পদোন্নতি কৰা হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছে ৷‌

শুকুৰবাৰে গুৱাহাটীত অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত আয়োজন কৰা ‌সংবাদমেলত তেওঁ জনায় যে ৰাজ্য চৰকাৰে 22 হাজাৰ পদত নিযুক্তি দিয়াৰ বাবে সোনকালে বিজ্ঞাপন প্ৰকাশ কৰিব ৷

  • Our 100th Cabinet meeting has set a new benchmark for transparent and collective governance.

    Today, we took several landmark decisions that will catapult Assam into the top 5 states of Bharat in the coming years. #AssamCabinetAt100 pic.twitter.com/fScALlg44c

    — Himanta Biswa Sarma (@himantabiswa) August 25, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক: Assam Cabinet Meeting: হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ ১০০ সংখ্যক কেবিনেটত নতুন জিলা, উপ-জিলা গঠনৰ কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.