ETV Bharat / state

পঞ্চভূতত বিলীন হ’ল প্ৰাক্তন ছাত্ৰ নেতা, বৰপেটাৰ প্ৰাক্তন পৌৰপতি মুকুল দাস - Senior AGP leader passes away

author img

By ETV Bharat Assamese Team

Published : May 30, 2024, 4:06 PM IST

Mukul Das Passes Away : অসম আন্দোলনৰ অগ্ৰণী নেতা মুকুল দাসৰ মৃত্যু ৷ অসম আৰু অসমীয়াক ভালপোৱা জাতীয়তাবাদী নেতা তথা বৰপেটাৰ সমাজ জীৱনৰ সৈতে অভিন্ন হৈ ৰোৱা মুকুল দাসৰ মৃত্যুত শোকস্তব্ধ বৰপেটাবাসী ৷

Mukul Das passes away
মুকুল দাসৰ মৃত্যুত শোকস্তব্ধ বৰপেটাবাসী (ETV BHARAT ASSAM)

বৰপেটা, 30 মে’ : প্ৰাক্তন ছাত্ৰ নেতা, অসম আন্দোলনৰ অগ্ৰণী নেতা, বৰপেটা পৌৰসভাৰ প্ৰাক্তন পৌৰপতি মুকুল দাসৰ মৃত্যুত শোকস্তব্ধ বৰপেটাবাসী ৷ বিগত কেবামাহ ধৰি শাৰিৰীক অসুস্থতাত ভুগি থকা মুকুল দাসক অলপতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ GMCHত চিকিৎসাধীন হৈ থকা মুকুল দাস পিচে সুস্থ হৈ তেওঁৰ প্ৰিয় চহৰ বৰপেটালৈ পুনৰ উভতি নাহিল ৷ চিকিৎসাধীন অৱস্থাতে বুধবাৰে নিশা প্ৰায় 8.45 বজাত দেশ, জাতি-মাটি আৰু আপোন ঘৰখনৰ মায়া এৰি পৰলোকলৈ গমন কৰে মুকুল দাসে ৷

অসম আন্দোলনৰ অগ্ৰণী নেতা মুকুল দাসৰ মৃত্যু (ETV BHARAT ASSAM)

আজীৱন জাতিটোৰ হকে চিন্তা কৰা মুকুল দাসে 65 বছৰ বয়সত মৃত্যুক সাৱটি লয় ৷ তেওঁৰ মৃত্যুত শোকাহত হৈ পৰিছে একালৰ আছু আৰু অগপৰ সহকৰ্মী সকল ৷ অসমৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখনক নেতৃত্ব দিয়াৰ সময়ত কেবাবাৰো আৰক্ষীৰ নিৰ্যাতনৰ বলি হবলগীয়া হৈছিল মুকুল দাস ৷ সেই সময়ত আৰক্ষীৰ অমানুষিক অত্যাচাৰৰ সন্মুখীন হোৱা মুকুল দাসৰ এখন ভৰি অকামিলা হৈ পৰাৰ লগতে চিৰজীৱনৰ বাবে পংগুত্বক আকোৱালি লবলগীয়া হৈছিল ৷ জৰুৰী অৱস্থাৰ পিচত সদৌ অসম ছাত্ৰ সন্থাৰ ভেটি মজবুত কৰি তোলাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰা মুকুল দাসে বিভিন্ন সময়ত সংগঠনটোৰ বহু দায়িত্ব পালন কৰিছিল ৷ তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক, অবিভক্ত কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক, পুনৰ বৰপেটা জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ লগতে আছুৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰিছিল ৷

সদৌ অসম ছাত্ৰ সন্থাৰ পৰা অব্যাহতি লোৱাৰ পিচতেই তেওঁ অসম গণ পৰিষদত যোগদান কৰে ৷ সমগ্ৰ জীৱন আঞ্চলিকতাবাদী ৰাজনীতি কৰি যোৱা মুকুল দাসে পৰৱৰ্তী সময়ত বৰপেটা পৌৰসভাৰ পৌৰপতিৰ দায়িত্বও বহন কৰিছিল ৷ সদৌ অসম ছাত্ৰ সন্থাৰ লগতে জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদক নেতৃত্ব প্ৰদান কৰি যোৱা মুকুল দাসে নিজৰ কথা ভাবিবলৈ আহৰিকেই নাপালে ৷ চিৰদিন অবিবাহিত হৈ ৰোৱা মুকুল দাসে সমগ্ৰ জীৱন ৰাইজৰ সেৱাতে নিজকে সমৰ্পন কৰিছিল ৷ অসম আৰু অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত জাতিটোক নেতৃত্ব প্ৰদান কৰা মুকুল দাসৰ মৃতদেহ আজি বৰপেটা চহৰৰ পালাংদিহাটীৰ নিজ বাসগৃহৰ পৰা প্ৰথমতে অসম গণ পৰিষদৰ কাৰ্যালয়লৈ লৈ যোৱা হয় ৷ অগপৰ জিলা সমিতিৰ কাৰ্যালয়তে অগপৰ প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাসৰ লগতে অগপৰ নেতাকৰ্মীসকলে তেওঁলৈ শেষ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ৷

ইয়াৰ পিচতেই নেতাগৰাকীৰ মৃতদেহ বৰপেটা পৌৰসভাৰ কাৰ্যালয়লৈ লৈ যোৱা হয় আৰু প্ৰশাসনৰ তৰফৰ পৰা প্ৰাক্তন পৌৰপতিগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ পৰৱৰ্তী সময়ত নেতাগৰাকীৰ মৃতদেহ বৰপেটা প্ৰেছ ক্লাবলৈ নিয়া হয় আৰু প্ৰেছ ক্লাব চৌহদতে বৰপেটাৰ বিভিন্ন দল-সংগঠন, অসম আন্দোলনৰ বহু প্ৰাক্তন সতীৰ্থৰ লগতে সদৌ অসম ছাত্ৰ সন্থা, বৰপেটা জিলা ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অগপ আৰু বিজেপিৰ নেতা-কৰ্মী, বৰপেটা প্ৰেছ ক্লাব, খিলঞ্জীয়া সুৰক্ষা মঞ্চ, আদিকে ধৰি একাধিক দল-সংগঠনে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ ইয়াৰ পিচতেই বৰপেটাৰ ৰাজহুৱা শ্মশানত অসম আৰু অসমীয়াক ভালপোৱা জাতীয়তাবাদী নেতা তথা বৰপেটাৰ সমাজ জীৱনৰ সৈতে অভিন্ন হৈ ৰোৱা মুকুল দাসৰ নশ্বৰ দেহ সৎকাৰ কৰা হয় ৷

লগতে পঢ়ক : ৰঙিয়াত প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োক সশ্ৰদ্ধ স্মৰণ - TRIBUTE TO THANESWAR BORO

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.