ৰঙিয়াত প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োক সশ্ৰদ্ধ স্মৰণ - TRIBUTE TO THANESWAR BORO
Tribute to Thaneswar Bodo: ৰঙিয়াত প্ৰয়াত প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়াৰ তিনিবাৰৰ বিধায়ক থানেশ্বৰ বড়োৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভা । অনুষ্ঠানটোত উপস্থিত থাকে থানেশ্বৰ বড়োৰ পৰিয়ালবৰ্গৰ লগতে অগপ আৰু বিজেপিৰ দলৰ বহু কেইগৰাকী মন্ত্ৰী তথা বিধায়ক আৰু স্থানীয় ৰাইজ ।

Published : May 30, 2024 at 2:18 PM IST
ৰঙিয়া,৩০ মে': সদ্যপ্ৰয়াত প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়াৰ তিনিবাৰৰ বিধায়ক থানেশ্বৰ বড়োৰ মহাপ্ৰয়াণৰ পিছত বৃহস্পতিবাৰে ৰঙিয়া প্ৰগতি সংঘৰ বাকৰিত আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভা । অগপৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য অৰ্ণৱ ভৰালীয়ে আঁত ধৰা তথা অগপ দলৰ ৰঙিয়া জিলা সমিতিয়ে কেন্দ্ৰীয়ভাৱে আয়োজন কৰা অনুষ্ঠানটোত থানেশ্বৰ বড়োৰ পৰিয়ালবৰ্গৰ লগতে অগপ আৰু বিজেপিৰ দলৰ বহু কেইগৰাকী মন্ত্ৰী তথা বিধায়কৰ লগতে স্থানীয় ৰাইজৰ আৰু বহু গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।
বড়ো ভাষাৰ প্ৰাৰ্থনাৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৰ আৰম্ভণি কৰা হয় । তাৰ পিছত এজন এজনকৈ সকলোৱে প্ৰয়াত বিধায়কগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে । অনুষ্ঠানটোত অগপৰ সভাপতি তথা কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰা, অগপৰ কাৰ্যকৰী সভাপতি তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, শিক্ষামন্ত্ৰী ৰণোজ পেগু, ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা, তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীকে ধৰি বহু কেইগৰাকী লোকে ভাষণ প্ৰদান কৰে ।
প্ৰতিগৰাকী লোকেই প্ৰয়াত থানেশ্বৰ বড়োৰ বিষয়ে প্ৰশংসা কৰাৰ লগতে আগন্তুক সময়ত তেখেতে দেখুৱাই যোৱা পথৰে আগুৱাই যাব লাগিব বুলি দোহাৰে । ইয়াৰ উপৰিও আগন্তুক বিত্তীয় বৰ্ষত তেখেতৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ ৰঙিয়াত এটা প্ৰতিমূৰ্তিৰ লগতে এটা পুথিভঁৰাল গঢ়িব তুলিব বুলি ঘোষণা কৰে ৰঙিয়াৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ।
ইয়াৰ উপৰিও সভাখনৰ মাজতে প্ৰয়াত থানেশ্বৰ বড়োৰ অন্তিম সময়ত সহায় তথা যত্ন লোৱা লোকসকলকো অগপ দলৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় । শেষত নাগাৰা নামেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৰ সামৰণি মৰা হয় ।

