ETV Bharat / politics

মাটিৰ মানুহ প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ জীৱন পৰিক্ৰমা - THANESWAR BORO PASSES AWAY

author img

By ETV Bharat Assamese Team

Published : May 17, 2024, 12:24 PM IST

Updated : May 17, 2024, 12:46 PM IST

Former Minister Thaneswar Boro : ১৯৩৮ চনত ৰঙিয়াৰ গুৰমৌত জন্ম লাভ কৰা, অসম বিধানসভালৈ ৰঙিয়া বিধানসভা সমষ্টিৰ পৰা তিনিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা থানেশ্বৰ বড়োৰ দেহাৱসান ৷ বিগত কিছুসময়ৰ পৰা প্ৰাক্তন মন্ত্ৰীগৰাকী মধুমেহ আৰু হৃদৰোগত আক্ৰান্ত হৈ আছিল ৷ মৃত্যুৰ সময়ত বড়োৰ বয়স আছিল ৮৫ বছৰ ৷

THANESWAR BORO PASSES AWAY
থানেশ্বৰ বড়োৰ জীৱন পৰিক্ৰমা (Source : Etv Bharat Assam)

মাটিৰ মানুহ প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ জীৱন পৰিক্ৰমা (ETV Bharat Assam)

ৰঙিয়া, 17 মে’ : প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ দেহাৱসান ৷ অসমৰ ৰাজনৈতিক ইতিহাসৰ অন্যতম উল্লেখযোগ্য ব্যক্তি প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চি এন চেণ্টাৰত শুকুৰবাৰে পুৱা দেহাৱসান ঘটে ৷ বিগত কিছুসময়ৰ পৰা প্ৰাক্তন মন্ত্ৰীগৰাকী মধুমেহ আৰু হৃদৰোগত আক্ৰান্ত হৈ আছিল ৷ মৃত্যুৰ সময়ত বড়োৰ বয়স আছিল ৮৫ বছৰ ৷

১৯৩৮ চনত ৰঙিয়াৰ গুৰমৌত জন্ম লাভ কৰা থানেশ্বৰ বড়ো অসম বিধানসভালৈ ৰঙিয়া বিধানসভা সমষ্টিৰ পৰা তিনিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ৷ আঞ্চলিকতাবাদী চিন্তাধাৰাত বিশ্বাস ৰখা থানেশ্বৰ বড়োৱে কৰ্মজীৱনৰ এটা অংশ শিক্ষকতাৰ লগত জড়িত হৈ পাৰ কৰিছিল ৷ প্ৰয়াত শিক্ষাবিদগৰাকী বি বৰুৱা মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে কৰ্মৰত হৈ আছিল ৷

অসম আন্দোলনৰ পৰিস্থিতি শাম কটাৰ পিছত অসমত পুনৰ নিৰ্বাচন অনুষ্ঠিত হয় আৰু অগপ দলে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সময়ত জ্যেষ্ঠ শিক্ষাবিদগৰাকীক দলৰ মজিয়ালৈ আমন্ত্ৰণ কৰি আনে আৰু ৰঙিয়াৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ টিকট প্ৰদান কৰে ৷ ১৯৮৫ চনত অগপ দল নিৰ্বাচনত জয়ী হোৱাৰ পিছত যেতিয়া চৰকাৰ গঠন কৰে, তেতিয়া থানেশ্বৰ বড়োক ৰাজহ আৰু শিক্ষা বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব অৰ্পণ কৰে ৷

তাৰ পিছৰে পৰা থানেশ্বৰ বড়ো তিনিটা কাৰ্যকাল ধৰি ২০০১ চনলৈ ৰঙিয়া বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত জয়ী হৈ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰে । ইয়াৰ মাজতে কংগ্ৰেছে অসমত ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ শাসন কৰা সময়চোৱাত তেওঁ অকল ৰঙিয়াৰ বিধায়ক হিচাপে কাম কৰে যদিও পুনৰ ১৯৯৬ চনত অগপৰ চৰকাৰ গঠন হোৱাৰ পিছত পুনৰ ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ শিক্ষামন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰে ৷ এই সময়চোৱাত ৰঙিয়াখনক আধুনিক ৰূপত সজাই তোলাত নেতাগৰাকীৰ যথেষ্ট অৰিহণা আছে ৷

উল্লেখ্য যে, ৰঙিয়াৰ পৰা তিনিবাৰকৈ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়চোৱাত প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৰঙিয়াখনৰ উন্নয়নৰ হকে যথেষ্ট কাম কৰি যায় ৷ ৰঙিয়া ৰে’ল ষ্টেচন জংচনলৈ উন্নত হোৱাৰ ক্ষেত্ৰতো আছে তেওঁৰ অপৰিসীম অৱদান ৷ ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়, ৰঙিয়া মহকুমাধিপতিৰ কাৰ্যালয়, বিভিন্ন পথ আৰু যথেষ্ট দুৰ্গম অঞ্চলৰ সংযোগী দলংসমূহৰ নিৰ্মাণ থানেশ্বৰ বড়ো বিধায়ক হৈ থকাৰ সময়তে হৈছিল ৷

বৰ্তমানৰ ৰঙিয়াৰ উন্নয়নৰ আঁৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা থানেশ্বৰ বড়োৰ মৃত্যুত ৰঙিয়াই এগৰাকী অভিভাৱক হেৰুৱালে বুলি ক’ব পাৰি ।

লগতে পঢ়ক: প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ পৰলোক প্ৰাপ্তি - Thaneswar Boro Passes Away

Last Updated : May 17, 2024, 12:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.