Wild elephants roaming: বন্যহস্তীৰ ভিডিঅ’ শ্বেয়াৰ কৰি হাতী মানুহৰ সংঘাত ৰোধৰ বাবে মুখ্য়মন্ত্ৰীক আহ্বান বিধায়ক ৰূপজ্যোতিৰ

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 7:33 AM IST

thumbnail

যোৰহাট, 29 ছেপ্টেম্বৰ : যোৰহাট জিলা অন্তৰ্গত মৰিয়নী সমষ্টিৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতী তাণ্ডৱ এতিয়া সহজ লভ্য হৈ পৰিছে । অঞ্চলটোলৈ বনৰীয়া হাতীৰ সঘন আহ-যান যেন তেনেই সাধাৰণ কথা হৈ পৰিছে ৷ চিন্তিত হৈ পৰিছে সাধাৰণ ৰাইজ ৷ এইবাৰ মৰিয়নী নাগাধুলি চুকাফা গাঁৱৰ এঘৰ লোকৰ চোতালেৰে সহ্ৰাধিক বন্যহস্তী পাৰ হৈ যোৱাৰ এক ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৷  

বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও সামাজিক মাধ্যমত এই হাতীৰ ভিডিঅ’টো শ্বেয়াৰ কৰি হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায় ৷ তাৰ পাচতে বিধায়ক কুৰ্মীয়ে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই নেতৃত্ব লোৱা পিচতৰ পৰাই হাতী মানুহৰ সংঘাত যথেষ্ট পৰিমাণে হ্ৰাস পাইছে বুলিও মন্তব্য কৰে । লগতে বিধায়কগৰাকীয়ে বড়ো, কাৰ্বি, আদিবাসী, ডিমাছাৰ সন্দৰ্ভতো কেতবোৰ মন্তব্য কৰে ৷

উল্লেখ্য যে, বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এই ভিডিঅ’টো পঞ্চাশৰো অধিক বন্যহস্তী দেখিবলৈ পোৱা গৈছে ৷ এই হাতীৰ জাকটো খাদ্যৰ সন্ধানতে জনাঞ্চলত প্ৰৱেশ কৰিছে বুলি বিধায়কগৰাকীৰ লগতে ৰাইজেও মন্তব্য কৰিছে ৷

লগতে পঢ়ক : Wild Elephant Terror: গেৰধৰা ধাননিত বন্যহস্তীৰ জাকৰ উপদ্ৰৱ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.