Constituency delimitation: ৰাজনৈতিকভাৱে আমগুৰি সমষ্টি বিলুপ্ত কৰা হৈছে; বিধায়ক প্ৰদীপ হাজৰিকা

By

Published : Jun 21, 2023, 8:59 AM IST

thumbnail

আমগুৰি, 21 জুন:  মঙলবাৰে ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত খচৰা প্ৰস্তাৱ ৷ খচৰা প্ৰস্তাৱ অনুসৰি বিলুপ্ত হ’ব আমগুৰি সমষ্টি ৷ খচৰা প্ৰকাশৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই ৷

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশৰ পাছতেই অগপ নেতা প্ৰদীপ হাজৰিকাৰ বাসগৃহত ৰুদ্ধদ্বাৰ বৈঠক ৷ তেওঁ কয় যে, সমগ্ৰ প্ৰক্ৰিয়াটো নিৰ্বাচনী আয়োগৰ নহয়, ৰাজনৈতিকভাৱে আমগুৰি সমষ্টি বিলুপ্ত কৰা হৈছে ৷ মুখ্যমন্ত্ৰীক আন্তৰিকতাৰে সমগ্ৰ বিষয়টো বিবেচনা কৰিবলৈ আহ্বান বিধায়ক প্ৰদীপ হাজৰিকাৰ ৷  

তেওঁ কয় যে, আমগুৰি সমষ্টি বিলুপ্ত কৰাটো কোনেও মানি ল'ব পৰা নাই ৷ আমগুৰি সমষ্টিত প্ৰতিবাদ হ'ব ৷ এই বিষয়টো অত্যন্ত দুখজনক বুলি উল্লেখ কৰি বিধায়ক প্ৰদীপ হাজৰিকাই কয় যে, ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আমগুৰিৰ বুৰঞ্জী জানে ৷ ৰাজনৈতিক পৰিক্ৰমাৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে জানে ৷ মুখ্যমন্ত্ৰী এজন ইন্টেলিজেন্ট মানুহ, এইটো কোনেও ভবা নাছিল যে আমগুৰি সমষ্টি বিলুপ্ত হ'ব ৷

আমগুৰি সমষ্টি নিঃশেষ হ'লে আঞ্চলিক দলেই নহয় সকলো নিঃশেষ হ'ব বুলিও কয় বিধায়কজনে ৷ যিয়ে দুটামান মানুহৰ কথা শুনি এই কাম কৰিছে সকলো নিঃশেষ হ'ব ৷ আমগুৰি সমষ্টিৰ শক্তিশালী ৰাজনৈতিক বুৰঞ্জী আছে ৷ আমগুৰি সমষ্টিতে কংগ্ৰেছৰ বিমলা প্ৰসাদ চলিহা খগেন বৰবৰুৱা হাতত পৰাস্ত হৈছিল ৷ এনে এটা সমষ্টি বিলুপ্ত কৰাটো কোনোপধ্যে মানি লোৱা নহ’ব আৰু ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক: Constituency delimitation: অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ নিৰ্বাচন আয়োগৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.