MLA Karim Uddin Borbhuyan reaction: চোৰ ডকাইত কংগ্ৰেছৰ প্ৰডাকচন: কৰিম উদ্দিন বৰভূঞা

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 5:46 PM IST

thumbnail

নগাঁও,২৮ অক্টোবৰ: "অসমৰ চোৰ ডকাইত কংগ্ৰেছৰ প্ৰডাকচন ।" নগাঁৱত এই বিস্ফোৰক মন্তব্য এ আই ইউ ডি এফৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ । শনিবাৰে নগাঁৱত উপস্থিত হৈ কংগ্ৰেছৰ বিৰুদ্ধে কেবাটাও বিস্ফোৰণ ঘটালে এ আই ইউ ডি এফৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাই । শাসনকালত কংগ্ৰেছ দালাল, চোৰ, ডকাইত বনোৱাৰ ফেক্টৰী আছিল । ইয়াৰ বিপৰীতে সাংসদ বদৰুদ্দিন আজমলে আই এ এছ, আই পি এছ বনোৱাৰ ফেক্টৰী খুলিছে বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ।  

সাংসদ বদৰুদ্দিন আজমলে মুছলমান সম্প্ৰদায়ক লৈ কৰা বিতৰ্কিত মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আজমলে শিক্ষানুষ্ঠান খুলি সকলো শ্ৰেণীৰ লোকৰ সন্তানক ডাক্তৰ, ইঞ্জিনীয়াৰ বনোৱাৰ চেষ্টা কৰা বুলিও মন্তব্য কৰে বিধায়ক কৰিম উদ্দিন বৰভূঞাই । লগতে কংগ্ৰেছ ক্ষমতাত থকাৰ সময়তে একাংশ মন্ত্ৰী বিধায়কে কেৱল নিজৰ সম্পত্তি বৃদ্ধি কৰাতহে ব্যস্ত আছিল বুলি কটাক্ষ কৰে কৰিম উদ্দিন বৰভূঞাই ।

লগতে পঢ়ক: Price hike of essential commodities: মূল্যবৃদ্ধি ৰোধৰ চৰকাৰৰ নিৰ্দেশনা অসাৰ : ৰাজ্যজুৰি অচল আমাৰ দোকান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.