nizam uddin chowdhury hospitalised:সভাৰ মাজতে অসুস্থ বিধায়ক নিজাম উদ্দিন চৌধুৰী

By

Published : Aug 5, 2023, 8:07 PM IST

thumbnail

কৰিমগঞ্জ, ৫ আগষ্ট: আলগাপুৰৰ বিধায়ক হাজী নিজাম উদ্দিন চৌধুৰী আলগাপুৰ আদৰ্শ হাস্পতালত শনিবাৰে পৰিচালনা সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰা সময়তে গুৰুতৰভাৱে অসুস্থ হৈ পৰে । লগে লগে তেওঁক চিকিৎসা প্ৰদান কৰা হয় । আলগাপুৰৰ এ আই ইউ ডি এফৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ স্বাস্থ্যৰ অৱস্থা সন্দৰ্ভত আলগাপুৰ আদৰ্শ হাস্পতালৰ চিকিৎসকে কয় যে বিধায়কগৰাকী বৰ্তমান সংকটমুক্ত যদিও উন্নত চিকিৎসাৰ প্ৰয়োজন আছে ।  

শনিবাৰে আলগাপুৰ আদৰ্শ চিকিৎসালয়ৰ পৰিচালনা সমিতিৰ জৰুৰী বৈঠকত উচ্চ ৰক্তচাপত আক্ৰান্ত হয় বিধায়ক নিজাম উদ্দিন চৌধুৰী । লগে লগে সভাত উপস্থিত থকা আলগাপুৰ চিকিৎসালয়ৰ চিকিৎসকে অসুস্থ বিধায়কগৰাকীৰ চিকিৎসা আৰম্ভ কৰে । চিকিৎসক গোলাপ হুছেইনে কয় যে বিধায়কগৰাকী ৰক্তচাপ,শৰ্কৰা আৰু অক্সিজেনৰ পৰিমান হ্ৰাস পাই যদিও পিচত নিয়ন্ত্ৰণ কৰা হয় ।

লগতে পঢ়ক:Bharat Jodo Yatra 2: ছেপ্টেম্বৰত ৰাহুল গান্ধীৰ দ্বিতীয় লানি ভাৰত জোড়ো কাৰ্যসূচী অৰুণাচলৰ পাছিঘাটৰ পৰা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.