ভূপেন বৰাই অখিল গগৈলৈ পত্ৰ প্ৰেৰণ কৰাটো ‘অ’ভাৰ ৰিয়েক্ট’ হৈছে ! - Bhupen Borah letter to Akhil Gogoi
Rajor Dal on Bhupen Borah statement : ভূপেন বৰাই অখিল গগৈলৈ পত্ৰখন দিয়াৰ বাবে ৰাইজৰ দলৰ কৰ্মীসকলে মনোকষ্ট পাইছে ৷ ৰাইজৰ দলৰ নেতাৰ মতে ভূপেন বৰাই অ‘ভাৰ ৰিয়েক্ট কৰিছে ৷

Published : May 24, 2024 at 6:43 PM IST
গুৱাহাটী, ২৪ মে’ : লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা আগতে অসমত কংগ্ৰেছ আৰু অখিল গগৈৰ ৰাইজৰ দলৰ মাজত যেন ফাট মেলিছে । এখন অসমীয়া বাতৰি কাকতত ৰাইজৰ সভাপতি অখিল গগৈৰ এটা সাক্ষাৎকাৰ প্ৰকাশ হোৱাৰ পিছত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অখিল গগৈলৈ লিখা এখন পত্ৰই যেন তাৰে উমান দিছে ।
শুকুৰবাৰে ভূপেন বৰাই অখিল গগৈলৈ প্ৰেৰণ কৰা পত্ৰখনৰ উত্তৰো আহিল তাৎক্ষণিকভাৱে ৷ উক্ত পত্ৰৰ উত্তৰ দিছে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক' ডি শইকীয়াই । এই সন্দৰ্ভত শুকুৰবাৰে ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক' ডি শইকীয়া, সাধাৰণ সম্পাদক অলক নাথ, ৰাছেল হুছেইন আৰু আজিজুৰ ৰহমানে ।
সংবাদমেলত দলৰ কাৰ্যকৰী সভাপতি ভাস্ক' ডি শইকীয়াই কয় যে এখন অসমীয়া কাকতত প্ৰকাশ হোৱা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ এক বিশেষ সাক্ষাৎকাৰ সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আজি এক বিশেষ পত্ৰ প্ৰেৰণ কৰিছিল । তেওঁ কয়, “সাক্ষাৎকাৰটোক লৈ ভূপেন বৰাই পত্ৰ প্ৰেৰণ কৰাটো অলপ ‘অ’ভাৰ ৰিয়েক্ট’ হৈছে । এই পত্ৰখনক লৈ আমাৰ দলৰ কৰ্মীসকলে মনোকষ্ট পাইছে ।’’
তেওঁ কয়, ‘‘কাকতখনত শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ সাক্ষাৎকাৰ প্ৰকাশক লৈ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কাকতখনৰ ৫নং পৃষ্ঠাত প্ৰকাশ পোৱা এক বাতৰিৰ ভিত্তিত কংগ্ৰেছৰ মাজত এক বিভ্ৰান্ত্ৰিৰ সৃষ্টি হৈছে । এয়া আচলতে ভুল বুজাবুজি হৈছে ।’’
তেওঁ কয় যে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কংগ্ৰেছৰ বিৰুদ্ধে কোনো কটু মন্তব্য কৰা নাই । কাককখনত প্ৰকাশ পোৱা সাক্ষাৎকাৰটোত প্ৰথমৰ পৰা শেষলৈ গগৈয়ে বি জে পিৰ সাম্প্ৰদায়িকতা আৰু ফেচীবাদৰ বিৰুদ্ধে আক্ৰমণাত্মকভাৱে বক্তব্য ৰাখিছে । তেওঁ কয়, ‘‘এই নিৰ্বাচনত আমাৰ প্ৰাৰ্থী নাছিল যদিও আমি অংশীদাৰ আছিলো । ১০০ শতাংশ উজাৰি আমি বিৰোধী ঐক্যমঞ্চৰ হৈ লাগিছিলো । এটা কথা ঠিক যে ‘Logistically’ আমি যুঁজ কৰা নাছিলো । তথাপি আমি জয়ী হ'ম বুলি গগৈয়েও সাক্ষাৎকাৰত কৈছে । কাৰণ তপন গগৈৰ বিৰুদ্ধে আমাৰ প্ৰাৰ্থী আছিল গৌৰৱ গগৈ, সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে লুৰীণজ্যোতি গগৈ । একেদৰে নগাঁৱত সুৰেশ বৰাৰ বিৰুদ্ধে আমাৰ প্ৰাৰ্থী আছিল প্ৰদ্যুৎ বৰদলৈ । আমাৰ প্ৰাৰ্থী নিৰ্বাচন উপযুক্ত আছিল ।’’
তদুপৰি ভাস্ক' ডি শইকীয়াই কয়, ‘‘কংগ্ৰেছৰ বিৰুদ্ধে অখিল গগৈয়ে একো মন্তব্য ৰখা নাই । কোনো কংগ্ৰেছ কৰ্মীয়ে যদি ভুলকৈ বুজিছে, সাক্ষাৎকাৰটো ভালকৈ পঢ়িবলৈ আহ্বান জনাইছো ।’’ ইপিনে ৰাছেল হুছেইনে কয় যে সাক্ষাৎকাৰটোক লৈ ভূপেন বৰাই অখিল গগৈলৈ পত্ৰ প্ৰেৰণ কৰাটো অতি দুৰ্ভাগ্যজনক । অখিল গগৈয়ে কংগ্ৰেছৰ বিৰুদ্ধে একো বিৰূপ মন্তব্য কৰা নাই । এয়া সঁচা কথা যে এইবাৰ নিৰ্বাচন আমি বহুত বেয়া খেলিছো । সেই আত্মসমালোচনা আমি কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে ।
লগতে পঢ়ক: বন্ধু-শত্ৰু যিয়েই নহওক, নিৰ্ভেজাল হ’ব লাগে : অখিল গগৈক উদ্দেশ্যি ভূপেন বৰা

