Child trafficking in Assam: গড়চুকৰ ভাৰাঘৰৰ কোঠাত উদ্ধাৰ ৰঙিয়াৰ কিশোৰী

By

Published : Jul 18, 2023, 2:17 PM IST

thumbnail

ৰঙিয়া, 18 জুলাই : গুৱাহাটীৰ গড়চুকৰ ভাড়াঘৰৰ কোঠাত উদ্ধাৰ ৰঙিয়াৰ এগৰাকী 13 বছৰীয়া কিশোৰী । অৰুণাচলত বিক্ৰীৰ বাবে ভাড়াঘৰত আৱদ্ধ কৰি থোৱাৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী মহিলাৰ বিৰুদ্ধে । আৰক্ষীৰ জালত অভিযুক্ত মহিলা চাহিদা খাতুন । সোমবাৰে নিশা গড়চুকত ৰঙিয়া আৰক্ষী আৰু মহানগৰ আৰক্ষীৰ যুটীয়া অভিযানত উদ্ধাৰ হৈছে কিশোৰীগৰাকী ।

উল্লেখ্য যে, কিশোৰীগৰাকীক যোৱা চাৰিদিন ধৰি মহানগৰীৰ গড়চুকৰ এটা ভাৰাঘৰত আৱদ্ধ কৰি ৰখাৰ অভিযোগ উত্থাপিত হৈছে চাহিদা খাতুন নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে । কিশোৰীগৰাকীক অৰুণাচলত বিক্ৰীৰ বাবে যো-জা চলাইছিল বুলিও গুৰুতৰ অভিযোগ উত্থাপন হৈছে চাহিদা খাতুনৰ বিৰুদ্ধে । সোমবাৰে নিশাই অৰুণাচলৰ দেহ সৰবৰাহকাৰী চক্ৰৰ হাতত গতাই দিয়াৰ কথা আছিল বুলি পৰিয়াল তথা অভিযানকাৰী দলে জানিবলৈ দিয়ে ।

উল্লেখ কৰা প্ৰয়োজন যে, ৰঙিয়াৰ সমীপৰ দ্বাৰকুছিৰ ঘৰৰ পৰা পিতৃৰ সৈতে কাজিয়া কৰি ওলাই গৈছিল কিশোৰীগৰাকী । তাৰ পিচতে চাহিদা খাতুনৰ সংস্পৰ্শলৈ আহে কিশোৰীগৰাকী । পৰিয়ালৰ এজাহাৰৰ ভিত্তিত এবিএমছুৰ তৎপৰতাত গড়চুকত উদ্ধাৰ কৰা হয় কিশোৰীগৰাকীক ।

লক্ষণীয় বিষয় যে, ইয়াৰ পূৰ্বেও এনে বহু কিশোৰী বিক্ৰী ঘটনাৰ সৈতে ধৃত চাহিদা খাতুন জড়িত থকাৰ কথা উল্লেখ কৰিছে আৰক্ষী তথা ভুক্তভোগী পৰিয়ালে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চাহিদা খাতুনক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : Sex Racket Busted: নগাঁৱত উৎখাত নাৰী দেহ ব্যৱসায়ী চক্ৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.