ৰাইজক সজাগ কৰাৰ বাবে ৰহাত উপস্থিত মন্ত্ৰী পৰিমল শুক্লবৈদ্য

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 12:24 PM IST

thumbnail

ৰহা, 29 ডিচেম্বৰ : ৰাজ্যজুৰি পথ সুৰক্ষা সজাগতা অভিযান অব্যাহত ৰাখিছে পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ এই কাৰ্যসূচীৰ অংশস্বৰূপে মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ সকলো সমষ্টিয়ে সমষ্টিয়ে উপস্থিত হৈ ৰাইজৰ লগত মত বিনিময় কৰাৰ লগতে সকলোকে সজাগ হ’বলৈ আহ্বান জনায় ৷  

ৰহাত বৃহস্পতিবাৰে বিয়লি পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই Royal Enfield বাইক চলাই উপস্থিত হয় ৷ নগাঁৱত আয়োজন কৰা 'পথ সুৰক্ষা, জীৱন সুৰক্ষা' নামৰ পৰিবহন বিভাগৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি অকলে নিশাই বাইক চলাই আহি বিয়লি ৰহাত উপস্থিত হয় মন্ত্ৰীগৰাকী ৷ মন্ত্ৰীগৰাকীয়ে নতুন চাৰিআলিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এক সজাগতা সভাও অনুষ্ঠিত কৰে । এই সজাগতা সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ ৰাজপথত বৃদ্ধি হোৱা দুৰ্ঘটনাবোৰত উদ্বেগ প্ৰকাশ কৰি হেলমেট অপৰিহাৰ্য বুলি মন্তব্য কৰে ৷  লগতে সকলো লোককে সচেতন হ’বলৈ আহ্বান জনায়।

লগতে পঢ়ক: দিল্লীয়ে অসমৰ বাবে কৰা চুক্তিৰ ইতিহাস কেৱল প্ৰতাৰণাৰ ইতিহাস : অজাপৰ অভিযোগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.