ETV Bharat / state

দিল্লীয়ে অসমৰ বাবে কৰা চুক্তিৰ ইতিহাস কেৱল প্ৰতাৰণাৰ ইতিহাস : অজাপৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 6:25 PM IST

ULFA Govt Peace Accord : অসম আৰু অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে বহু চুক্তি সম্পাদন হ’ল, কিন্ত অধিক সংখ্যক চুক্তি ৰূপায়ণহে নহ’ল বুলি মন্তব্য অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই ৷ কেন্দ্ৰৰে আলোচনাৰ শেষত হ'বলগীয়া চুক্তিত অসমত কা আইন কোনো কালে যাতে প্ৰযোজ্য নহয়, সেয়া অন্তৰ্ভূক্ত কৰাত বিশেষ গুৰুত্ব দিবলৈ অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদকে আলফা নেতৃবৰ্গক অনুৰোধ জনায় ৷

ULFA Govt Peace Accord
আলফাৰ নেতৃবৰ্গক অনুৰোধ অজাপৰ

অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ সংবাদমেল

গুৱাহাটী, 28 ডিচেম্বৰ : আলফা আৰু চৰকাৰৰ প্ৰস্তাবিত শান্তি চুক্তি প্ৰক্ৰিয়ালৈ পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বা) গোটকো জড়িত কৰাত উদ্যোগ ল'বলৈ আলফা, চৰকাৰ আৰু সংশ্লিষ্ট সকলোকে আহ্বান জনাইছে অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই ৷ বৃহস্পতিবাৰে গুৱাহাটীত অনুষ্ঠিত এখন‌ সংবাদমেলত ভূঞাই কয় যে ভাৰতবৰ্ষৰ স্বাধীনোত্তৰ ইতিহাসত অসম আৰু অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে বহু চুক্তি সম্পাদন হ’ল, কিন্ত অধিক সংখ্যক চুক্তি ৰূপায়ণহে নহ’ল ৷

তেওঁ কয় যে অসমত খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ বাবে অসমীয়া মানুহে 6 বছৰ আন্দোলন কৰিব লগা হৈছিল, 855 জনে জীৱন দিব লগা হৈছিল, লক্ষ লক্ষ মানুহ নিৰ্যাতিত হৈছিল আৰু ইয়াৰ ফলশ্ৰুতিত স্বাক্ষৰিত অসম চুক্তিখনো ফলপ্ৰসূ ৰূপায়ণ নহ’ল ৷ আৰু অলেখ উদাহৰণ আছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই সময়ছোৱাত দিল্লীত কংগ্ৰেছ, বিজেপি আদি দলৰ চৰকাৰ দীৰ্ঘদিন শাসনত আছিল ৷ তেওঁ কয় যে, তাতোধিক ভুৱা প্ৰতিশ্ৰুতি, ভুৱা গেৰান্টি আৰু ৰাজনৈতিক চমকত সিদ্ধহস্ত বিজেপিও এই সময়ছোৱাত প্ৰায় 15 বছৰ কেন্দ্ৰত শাসনত আছিল ৷ বিজেপি চৰকাৰেও জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কৈ বিদেশী খেদাৰ পৰিৱৰ্তে “কা “ ৰ দ্বাৰা অবৈধ বিদেশী অনাৰ পথহে সুগম কৰিলে ৷

ভূঞাই লগতে কয় যে যোৱা নিৰ্বাচনৰ আগে আগে অসমীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ দিয়াৰ প্ৰতিশ্ৰুতিৰে বিশেষজ্ঞ সমিতি গঠন কৰি দাৰি-কমা নকটাকৈ এই পৰামৰ্শ ৰূপায়ণ কৰাৰ দৃঢ় প্ৰতিশ্ৰুতি সংসদত দিয়াৰ পিছতো আজি প্ৰায় 5 বছৰে এই পৰামৰ্শ দিছপুৰতেই পৰি থাকিল, আজিলৈকে দিল্লীলৈ এই প্ৰতিবেদন নগ’ল ৷ নিৰ্বাচনৰ পূৰ্বে কেৱল ভোট আৰু ক্ষমতা লাভৰ বাবে অসমীয়া মানুহৰ আৱেগক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰাত সিদ্ধহস্ত বিজেপিৰ ক্ষেত্ৰত সতৰ্ক হ’বলৈ সংশ্লিষ্ট সকলোকে আহ্বান জনায় তেওঁ ৷

জগদীশ ভূঞাই লগত কয় যে, প্ৰস্তাৱিত শান্তি আলোচনাত অসমীয়া মানুহৰ অস্তিত্বৰ বিষয়টোৱে স্থান পাব লাগিব ৷ কিন্তু এইক্ষেত্ৰত এইটো কথা মনত ৰাখিব লাগিব যে অসমীয়া মানুহৰ অস্তিত্বৰ লগত অসমীয়া মানুহৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু মাটিৰ অধিকাৰ সুৰক্ষিত কৰিব পৰা সকলো দিশ অসম চুক্তিৰ 6 নং দফাৰ সাংবিধানিক ৰক্ষাকৱচৰ পৰামৰ্শাৱলীত সন্নিবিষ্ট আছে ৷

কেন্দ্ৰৰে আলোচনাৰ শেষত হ'বলগীয়া চুক্তিত অসমত 'কা' আইন কোনো কালে যাতে প্ৰযোজ্য নহয়, সেয়া অন্তৰ্ভূক্ত কৰাত বিশেষ গুৰুত্ব দিবলৈ জাতীয় পৰিষদৰ সাধাৰণ সম্পাদকে আলফা নেতৃবৰ্গক অনুৰোধ জনায় ৷ আনহাতে অসমখনক হিন্দু-মুছলমানৰ ৰাজনীতিৰ কঠিয়াতলিত পৰিণত কৰাৰ উদ্দেশ্যে, জনমতক উপেক্ষা কৰি, বিজেপিৰ চৰকাৰে সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ লক্ষ্যৰে গাৰ জোৰেৰে ৰূপায়ণ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণ ৰাজ্যৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অস্তিত্ব ৰক্ষাৰ উপায় হিচাপে যাতে হ'বলগীয়া চুক্তিত প্ৰতিফলিত কৰিব নোৱাৰে, তাৰ প্ৰতিও সজাগ হৈ থাকিবলৈ আলফা নেতৃত্বত তেওঁ আহ্বান জনায় ৷

লগতে পঢ়ক : বাজেটত ধাৰ্য কৰা পুঁজিৰ চৰকাৰে আঠ মাহত ব্যয় কৰিলে ৪৩ শতাংশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.